নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চন্দ্রপুৰ ব্লক কংগ্রেছৰ কার্যালয়ত ৰাজ্যিক নেতৃত্বৰ বিৰুদ্ধে নেতা–কর্মীৰ বিক্ষোভ

নিয়মীয়া বাৰ্তা ৫ মাৰ্চঃ নির্বাচনৰ দিন ঘোষণা হোৱাৰ পিছৰে পৰা ৰাজনৈতিক দলসমূহৰ মাজত সমষ্টিকেন্দ্রিক প্রার্থিত্বৰ তৎপৰতা তীব্রতৰ হৈ উঠিছে৷ বিশেষকৈ জোঁটবন্ধনত একত্রিত হোৱা দলকেইটাৰ মাজত সমষ্টিক লৈ টনা–আঁজোৰা কার্যও তীব্র হৈ উঠা পৰিলক্ষিত হৈছে৷ প্রাপ্ত তথ্য অনুসৰি ১২৬ সমষ্টিৰ আটাইতকৈ সন্মানীয় দিছপুৰ সমষ্টিক লৈ অন্যান্য দলৰ লগতে কংগ্রেছ নেতৃত্বাধীন মহাজোঁটত ব্যাপক চর্চা চলিছে৷ জানিব পৰা মতে দেশ স্বাধীন হোৱাৰ সর্বাধিক সময় কংগ্রেছৰ দখলত থকা আনকি ২০১৬ চনৰ নির্বাচনৰ পূর্বত একেৰাহে তিনিটা কার্যকাল সর্বভাৰতীয় দলটিৰ হাতত থকা সমষ্টিটো এইবাৰ মহাজোঁটৰ সহযোগী দলক এৰি দিয়াৰ বাবে চিন্তা–চর্চা চলি আছে৷ ৰাজ্যিক নেতৃত্বৰ এই চিন্তা–চর্চাৰ বিৰুদ্ধে শেহতীয়াকৈ সৰৱ হৈ উঠিছে সমষ্টিটোৰ কংগ্রেছ কর্মীসকল৷ নির্ভৰযোগ্য সূত্রৰ মতে কংগ্রেছৰ দখলত থকা দিছপুৰ সমষ্টিটো ২০২১ বিধানসভা নির্বাচনত মহাজোঁটৰ সহযোগী দল আঞ্চলিক গণ মর্চাক এৰি দিয়াৰ বাবে একপ্রকাৰ চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰিছে৷ নেতৃত্বৰ এই সিদ্ধান্তক লৈ সমষ্টিটোৰ অন্তর্গত পাঁচটা ব্লক সমিতিয়ে তীব্র অসন্তুষ্টি প্রকাশ কৰাই নহয়, একপ্রকাৰ প্রতিবাদমুখৰ হৈ উঠিছে৷ তাৰে বহিঃপ্রকাশ হিচাপে আজি প্রতিবাদী কার্যসূচী গ্রহণ কৰে পাঁচোটা ব্লকৰ কংগ্রেছ কর্মীসকলে৷ চন্দ্রপুৰ ব্লক কংগ্রেছ সমিতিৰ কর্মীসকলে চন্দ্রপুৰত ব্লক কার্যালয় প্রাংগণত ধর্ণা কার্যসূচী ৰূপায়ণ কৰি সমষ্টিটো মহাজোঁটৰ সহযোগী দলক দিয়াটো কোনো কাৰণতে মানি নলয় বুলি হুংকাৰ দিয়ে প্রতিবাদীসকলে৷ একেদৰে আন চাৰিটা ব্লক সমিতি ক্রমে ক্রমে নুনমাটি, দিছপুৰ, বেলতলা আৰু ডিমৰীয়া ব্লক সমিতিৰ কর্মকর্তাসকলে ৰাজীৱ ভৱনত ধর্ণা কার্যসূচী ৰূপায়ণ কৰে৷ প্রতিটো ব্লক সমিতিয়ে আজি আনকি সমষ্টি এৰি নিদিয়াৰ দাবী লিপিবদ্ধ কৰি হাইকমাণ্ড, ৰাজ্যৰ তত্ত্বাৱধায়ক আৰু সভাপতিলৈ পৃথকে স্মাৰক–পত্র প্রেৰণ কৰে৷

You might also like