নিয়মীয়া বার্তা, ২৫ জুনঃ ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধৰ বাবে চলি থকা লকডাউনে দেশৰ অর্থনীতিত ব্যাপক প্রভাৱ পেলাইছে৷ লকডাউনৰ ফলত সকলো স্তৰৰ লোকৰ মাজত অর্থনৈতিক সংকটে দেখা দিছে৷ কেন্দ্রীয় চৰকাৰে ৰাজহ সংগ্রহৰ লক্ষ্যৰে পেট্র’ল আৰু ডিজেলৰ মূল্যবৃদ্ধি কৰিছে৷ পেট্র’ল–ডিজেলৰ অস্বাভাৱিক মূল্যবৃদ্ধিয়ে সর্বসাধাৰণ ৰাইজক জুৰুলা কৰিছে৷
পেট্র’ল–ডিজেলৰ মূল্যবৃদ্ধি হৈছে যদিও ইয়াৰ সমান্তৰালকৈ বাছ ভাৰা বৃদ্ধি নকৰাত সংকটত পৰিছে বাছ মালিকসকল৷ ক’ভিড–১৯ৰ সংক্রমণ ৰোধৰ বাবে দেশজুৰি চলি থকা লকডাউনৰ ক্ষেত্রত কিছু শিথিলতা আনিছে৷ শেহতীয়াকৈ চৰকাৰে জাৰি কৰা নীতি–নির্দেশনা মানি গুৱাহাটী মহানগৰীতো চিটীবাছৰ চলাচল আৰম্ভ হৈছে৷ পৰিবহণ বিভাগে গুৱাহাটী মহানগৰীত ২০০খন চিটীবাছ চলোৱাৰ অনুমতি প্রদান কৰিছে৷
পৰিবহণ বিভাগৰ নির্দেশ অনুসৰি ক’ৰোনাৰ সংক্রমণ ৰোধৰ বাবে ৫০ শতাংশ যাত্রী লৈ মহানগৰীত মালিকসকলে চিটীবাছৰ চলাচল অব্যাহত ৰাখিছে৷ পেট্র’ল–ডিজেলৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ ফলত ৫০ শতাংশ যাত্রী লৈ চিটীবাছসমূহ চলাই অহাৰ ফলত ব্যাপক লোকচানৰ সন্মুখীন হৈছে চিটীবাছ মালিকসকল৷ পেট্র’ল–ডিজেলৰ মূল্যবৃদ্ধি হ্রাস আৰু বাছ ভাৰা বৃদ্ধিৰ দাবী জনাইছে একাংশ বাছৰ স্বত্বাধিকাৰীয়ে৷ কালি এখন সংবাদ মেলত নুনমাটি–খানামুখ চিটীবাছ মালিক সন্থাই পেট্র’ল–ডিজেলৰ মূল্যবৃদ্ধি হ্রাস কৰাৰ লগতে শীঘ্রে চৰকাৰক চিটীবাছৰ ভাৰা বৃদ্ধি কৰিবলৈ দাবী উত্থাপন কৰে৷
যদিহে চৰকাৰ আৰু পৰিবহণ বিভাগে চিটীবাছৰ ভাৰা বৃদ্ধিৰ ক্ষেত্রত কোনো সিদ্ধান্ত গ্রহণ নকৰে, তেন্তে নুনমাটি–খানামুখ লাইনৰ চিটীবাছসমূহৰ চলাচল বন্ধ কৰাৰ হুংকাৰ দিয়ে৷ সংবাদ মেলত নুনমাটি–খানামুখ চিটীবাছ মালিক সন্থাৰ সভাপতি প্রিয়ৰঞ্জন গোস্বামী আৰু সম্পাদক মঞ্জিল হকে কয় যে গুৱাহাটীত প্রায় ৭০০ চিটীবাছ চলাচল কৰে৷ লকডাউনৰ বাবে পৰিবহণ বিভাগৰ অনুমতি সাপেক্ষ ২০০ চিটীবাছ চলাচল কৰি আছে৷
পূর্বতে নুনমাটি–খানামুখ লাইনত ১৮০খন চিটীবাছ চলাচল কৰিছিল যদিও এতিয়া মাত্র ২৫খন চিটীবাছহে চলাচল কৰি আছে৷ লকডাউনৰ বাবে চিটীবাছ সেৱাৰ লগত জড়িত গুৱাহাটীৰ প্রায় ৩,০০০ কর্মচাৰীৰ পৰিয়াল বিপাঙত পৰিছে৷ চিটীবাছ সেৱাৰ লগত জড়িত মালিক আৰু চালকসকলৰ বাবে আঁচনি গ্রহণ কৰিবলৈ চৰকাৰক দাবী জনাইছে৷