নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত পৰিবহণ বিভাগৰ অভিযান

নিয়মীয়া বাৰ্তা ১১ মাৰ্চঃ  মহানগৰীত কঠোৰ হৈছে কামৰূপ জিলা পৰিবহণ বিভাগ৷বছৰ বছৰ ধৰি পথ কৰ ফাঁকি দি অহাসকলক নাকী লগোৱাৰ উদ্দেশ্যৰে কামৰূপ জিলা পৰিবহণ বিভাগে মহানগৰীৰ ৰাজপথত অব্যাহত ৰাখিছে জোৰদাৰ অভিযান৷ ইতিমধ্যে ৩১মার্চ ডেডলাইন হিচাপে লৈ মহানগৰীৰ কেইবাটাও স্থানত বিভাগটোৱে চলাইছে অভিযান৷ আজি কামৰূপ জিলা পৰিবহণ বিষয়া গৌতম দাস, এনফ’চমেণ্ট ডিটি’ হিমাংশু দাসৰ নেতৃত্বত মহানগৰীৰ ভূতনাথ, এবিচি পইণ্ট, গডচুককে ধৰি বহুকেইটা স্থানত চলে অভিযান৷ এই অভিযানত ধৰা পৰে মহানগৰীৰত পথ কৰ ফাঁকি দি চলাচল কৰা একাংশ বাহনৰ চালক৷ অৱশ্যে এই অভিযানত পথ কৰ ফাঁকি দি অহাসকলক জৰিমনাৰ পৰিৱর্তে সকলোকে ৩১ মার্চৰ ভিতৰত পথ কৰ আদায় দিবলৈ আহ্বান জনায় পৰিবহণ বিষয়া গৌতম দাসে৷

You might also like