মহানগৰীত এদিনতে ২৭.১৮ লাখ টকা জব্দ
নিয়মীয়া বাৰ্তা ১১ মার্চঃ সমাগত বিধানসভা নির্বাচনৰ প্রাকমুহূর্তত ৰাজ্যত উঠিছে টকাৰ উজান৷ ধন–সুৰাৰ লোভ দেখুৱাই ভোটাৰক প্রলোভিত কৰাৰ বাবে একাংশই চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে৷ অৱশ্যে ৰাজ্যত সুকলমে আৰু সম্পূর্ণ গণতান্ত্রিকভাৱে নির্বাচন অনুষ্ঠিত কৰিবলৈ সাজু হৈছে নির্বাচন আয়োগ৷ কোনেও যাতে টকা–সুৰাৰে প্রলোভিত কৰি ভোটাৰক প্রভাৱান্বিত কৰিব নোৱাৰে তাৰ বাবে চোকা নজৰ ৰাখিছে নির্বাচন আয়োগে৷ ইয়াৰ অংশ হিচাপে আৰক্ষী আৰু আন আন অভিযানকাৰী দলসমূহে অভিযান চলাই ৰাজধানী চহৰ গুৱাহাটীত একেদিনাই জব্দ কৰিলে ২৭.১৮ লাখ টকা৷ নির্বাচনী আচৰণবিধি উলংঘা কৰি কোনো লোকে যাতে নগদ ধন কঢ়িয়াব নোৱাৰে তাৰ বাবে নির্বাচন আয়োগে গঠন কৰা ফ্লায়িং স্কোৱাড আৰু এছ এছ টিয়ে আজি মহানগৰীৰ ভৰলুমুখ, ফাঁচীবজাৰ, পাণবজাৰ আৰু যোৰাবাটত পৃথকে পৃথকে অভিযান চলাই নথিপত্রবিহীনভাৱে কঢ়িয়াই অনা এই বৃহৎ পৰিমাণৰ নগদ ধন জব্দ কৰিবলৈ সক্ষম হয়৷ এছ এছ টিৰ এক সূত্রই প্রকাশ কৰা তথ্য অনুসৰি ফাঁচীবজাৰ আৰক্ষী চকী এলেকাত ফ্লায়িং স্কোৱাডে ১৮.৭৮ লাখ টকা জব্দ কৰে৷
একেদৰে বশিষ্ঠ থানাৰ অন্তর্গত যোৰাবাটত ফ্লায়িং স্কোৱাড আৰু এছ এছ টিয়ে এখন চাৰিচকীয়া বাহনত তালাচী চলাই এজন ব্যৱসায়ীৰ পৰা নগদ ২.৭০ লাখ টকা জব্দ কৰে৷ ভৰলুমুখ থানা এলেকাত আজি অভিযানকাৰী দলে ১.৭০ লাখ টকা জব্দ কৰিবলৈ সক্ষম হয়৷ ইফালে পাণবজাৰ থানা এলেকাত ফ্লায়িং স্কোৱাডৰ দলে অভিযান চলাই ৪ লাখ টকা জব্দ কৰে৷ উল্লেখ্য যে ভাৰতীয় নির্বাচন আয়োগৰ নির্দেশ অনুসৰি কামৰূপ মহানগৰ জিলা–আৰক্ষী প্রশাসনে গুৱাহাটী মহানগৰীত কোনো লোকে যাতে ৫০ হাজাৰতকৈ অধিক নগদ ধন কঢ়িয়াব নোৱাৰে তাৰ বাবে ইতিমধ্যে নিষেধাজ্ঞা জাৰি কৰিছে৷ এই নিষেধাজ্ঞা জাৰি কৰাৰ সময়ছোৱাত কোনো লোকে যাতে প্রশাসনৰ নীতি–নির্দেশনা উলংঘাৰে অধিক ধন কঢ়িয়াব নোৱাৰে তাৰ বাবে ফ্লায়িং স্কোৱাড গঠন কৰি চোকা দৃষ্টি ৰাখিছে৷ আৰক্ষী–প্রশাসনৰ সহযোগত ফ্লায়িং স্কোৱাডত দলটোৱে মহানগৰীৰ ৰাজপথত চলাচল কৰা যান–বাহনসমূহত তালাচী অভিযান অব্যাহত ৰাখিছে৷ অৱশ্যে স্বাস্থ্যজনিত কাৰণতো এই নিষেধাজ্ঞাৰ ক্ষেত্রত কিছু নীতি শিথিল কৰা হৈছে৷