লণ্ডনৰ পৰা গুৱাহাটী অভিমুখী মহিলা বিমানযাত্ৰীৰ দেহত ক’ভিড পজিটিভৰ উপস্থিতিঃ GMCH ভৰ্তি
নিয়মীয়া বাৰ্তা, ১১ ডিচেম্বৰ: সমগ্ৰ বিশ্বজুৰি অব্যাহত আছে কোভিড ১৯ ৰ ভয়াবহতা । ইয়াৰ মাজতেই কোভিডৰ নতুন ভেৰিয়েন্ট অ’মিক্ৰণৰ ভয়াবহতাত ৰাজ্যৰ স্বাস্থ্যখণ্ড স্বাভাবিকতে উদ্বিগ্ন হৈ পৰিছে । এনে সময়তে লণ্ডনৰ পৰা গুৱাহাটী লৈ অহা এগৰাকী মহিলা বিমানযাত্ৰীৰ দেহত ধৰা পৰিছে কৰ’নাৰ উপস্থিতি।
জানিব পৰা মতে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত মহিলা বিমানযাত্ৰী গৰাকীৰ দেহত ধৰা পৰিছে কৰ’নাৰ উপস্থিতি । উল্লেখযোগ্য যে যোৱা ৭ ডিচেম্বৰত নেহা মেহৰা (৩৫) নামৰ মহিলা গৰাকীয়ে পোনতে লণ্ডনৰ পৰা অমৃতছৰ আৰু ইয়াৰ পিছত পাটনা হৈ গুৱাহাটী অভিমুখে এছ জি ৭২৪ নম্বৰ বিমান যোগে আহি বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত উপস্থিত হয় । বৰঝাৰ বিমানবন্দৰত থকা স্ক্ৰিনিং চেণ্টাৰত মেহৰাৰ দেহত কোভিড পজিটিভ ধৰা পৰে ।
সম্প্ৰতি নেহা মেহৰাক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত ভৰ্তি কৰোৱা হৈছে যদিও অ’মিক্ৰণ টেষ্টৰ বাবে তেজৰ নমুনা ইতিমধ্যে কলকাতা লৈ পঠিওৱা হৈছে বুলি জানিব পৰা গৈছে ।