নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাত আক্রান্ত হৈ পাঁচজনৰ মৃত্যু

বুধবাৰে ৯৫গৰাকী পজিটিভ চিনাক্ত

নিয়মীয়া বাৰ্তা ২৪ ডিচেম্বৰঃ ক’ৰোনাত আক্রান্ত হৈ পুনৰ পাঁচগৰাকী লোকৰ মৃত্যু হৈছে৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টুইটযোগে আজি এই তথ্য সদৰী কৰিছে৷ মৃত্যু হোৱা লোককেইগৰাকী হ’ল– শিৱসাগৰৰ পদ্মকান্ত দত্ত (৬৫), যোৰহাটৰ ৰীণা ভূঞা (৪৭), বিশ্বনাথৰ হেম বৰুৱা (৮৫), নলবাৰীৰ ললিত কলিতা (৭৮), কামৰূপ মেট্র’ৰ শক্তিপদ বিশ্বাস৷ ৰাজ্যত এতিয়ালৈ ক’ৰোনাত আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ১০,২৯৯লৈ বৃদ্ধি পালে৷ মৃত্যুৰ হাৰ হ’ল ০.৪৭ শতাংশ৷ আনহাতে আজি ৯৫গৰাকী লোক ক’ৰোনা পজিটিভ ৰূপে চিনাক্ত হৈছে৷ আক্রান্তৰ হাৰ হ’ল ০.৪৪ শতাংশ৷ ৰাজ্যত বিভিন্ন প্রান্তত বুধবাৰে ২১,৬২৭গৰাকী লোকৰ ক’ভিড পৰীক্ষা কৰাৰ পিছত ৯৫গৰাকী লোক পজিটিভ ৰূপে চিনাক্ত হৈছে৷ কামৰূপ মহানগৰ জিলাত ৪৫গৰাকী লোক আক্রান্ত হৈছে৷ এতিয়ালৈ ৰাজ্যত ক’ৰোনাত আক্রান্ত হোৱা মুঠ লোকৰ সংখ্যা ২,১৫,৬৮০লৈ বৃদ্ধি পালে৷ মুঠ আক্রান্তৰ হাৰ হ’ল ১.৬১ শতাংশ৷ আনহাতে আজি ১০৩গৰাকী ক’ৰোনামুক্ত লোকক চিকিৎসালয়ৰ পৰা ৰিলিজ দিয়া হৈছে৷ ইয়াকে লৈ ৰাজ্যত ক’ৰোনামুক্ত লোকৰ সংখ্যা ২,১১,১৭৮গৰাকীলৈ বৃদ্ধি পালে৷ ক’ৰোনামুক্ত হোৱা লোকৰ হাৰ হ’ল ৯৭.৯১ শতাংশ৷ অৱশ্যে বিভিন্ন চিকিৎসালয়ত এতিয়াও আক্রান্ত হৈ আছে ৩,৪৭০গৰাকী লোক৷

You might also like