নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রদূষণমুক্ত দীপান্বিতা উদ্যাপনৰ সজাগতা সমদল এছএফআইৰ

নিয়মীয়া বাৰ্তা ১৩ নৱেম্বৰঃ  কালি পুৱা ১০ বজাৰ পৰা এছ এফ আইৰ কামৰূপ মহানগৰ জিলা কমিটীৰ উদ্যোগত প্রদূষণমুক্ত দীপাৱলী উদ্যাপন কৰাৰ আহ্বানেৰে গুৱাহাটীত বাইচাইকেল ৰেলী কার্যসূচী গ্রহণ কৰা হয়৷ চানমাৰিৰ পৰা এম আৰ ডি ৰোড হৈ বি বৰুৱা কলেজৰ পৰা সন্দিকৈ ছোৱালী মহাবিদ্যালয়েৰে কটন বিশ্ববিদ্যালয় হৈ মহাত্মা গান্ধী ৰোড হৈ প্রাগজ্যোতিষ মহাবিদ্যালয় আৰু তাৰ পৰা শান্তিপুৰ হৈ পুনৰ এম জি ৰোডেৰে লতাশিলেৰে উজান বজাৰেদি ওলাই এম আৰ ডি ৰোডেৰে চানমাৰিত সমদলৰ অন্ত পৰে৷

উল্লেখ্য যে বিশ্বত ভয়ানক হাৰত বৃদ্ধি পোৱা বায়ু–পানী–মাটি আৰু শব্দ প্রদূষণ ৰোধৰ হকে দেশৰ উচ্চতম ন্যায়ালয়, ৰাষ্ট্রীয় সেউজ ন্যায়াধিকৰণে এইবাৰ দীপাৱলী পালন কৰাৰ ক্ষেত্রত কেতবোৰ কঠোৰ নিয়মাৱলী বান্ধি দিছে৷ আতচবাজী আৰু ফট্কা ফুটোৱাৰ ফলত প্রচুৰ পৰিমাণে বেৰিয়াম নাইট্রেট, এলুমিনিয়াম, ক্রমিয়াম, ছালফাৰ আদি বিষাক্ত কণিকা উৎপন্ন কৰে আৰু ই সমস্ত জীৱকুলৰ বাবেই ক্ষতিকাৰক৷ ইয়াৰ লগতে উৎপন্ন হোৱা উচ্চ প্রাবল্যৰ শব্দ আৰু তীব্র পোহৰে শ্রৱণ আৰু দৃষ্টিশক্তি দুর্বল কৰি তোলে৷ বর্তমানৰ ক’ৰোনা মহামাৰীৰ সময়ত অত্যধিক প্রদূষণে মানুহৰ হাঁওফাঁও আৰু শ্বাস–প্রশ্বাসৰ ব্যৱস্থাটোক দুর্বল কৰি ভাইৰাছৰ আক্রমণ সহজ কৰি তুলিব পাৰে৷ এই বিষয়সমূহৰ প্রতি লক্ষ্য ৰাখি দিল্লী, পশ্চিমবংগ, উৰিষ্যা আদি ৰাজ্যত চৰকাৰে ফট্কা আৰু আতচবাজী নিষিদ্ধ কৰিছে৷ সেয়ে এই দীপাৱলী কেৱল পোহৰৰ উৎসৱ হিচাপে উদ্যাপন কৰিবলৈ এফ এছ আয়ে আহ্বান জনাইছে৷ মাটিৰ চাকি জ্বলাই দীপাৱলী উদ্যাপন কৰিলে থলুৱা মৃণ্ময় শিল্পীসকলো আর্থিকভাৱে টনকিয়াল হৈ পৰিব৷  এই কার্যসূচীত গুৱাহাটীৰ বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা প্রায় পঞ্চাশগৰাকী বাইচাইকেল আৰোহীয়ে অংশগ্রহণ কৰে৷

You might also like