নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড বিধি উলংঘাৰে দীপৰ বিলৰ পাৰত জনসমাগম

নিয়মীয়া বাৰ্তা ১৯ জুলাইঃ প্রাকৃতিক সৌন্দর্যৰে ভৰপূৰ দীপৰ বিলৰ সৌন্দর্য উপভোগ কৰিবলৈ এতিয়া নিতৌ অগণন লোকে ভিৰ কৰা দেখা গৈছে৷ মহানগৰীৰ আজাৰা থানা এলেকাৰ চকর্দো পাহাৰৰ দদাতিত নিতৌ সমৱেত হোৱা লোকসকলৰ বেছিভাগৰে নাই কোনো সামাজিক দূৰত্বৰ নীতি–নিয়ম তথা মাস্ক পৰিধানৰ ব্যৱস্থা৷ যাৰ ফলত ক’ৰোনা ভাইৰাছৰ দ্রুত সংক্রমণ হোৱাৰ যথেষ্ট সম্ভাৱনাই দেখা দিছে৷

বিভিন্ন ঠাইৰ পৰা অহা এনে লোকসকলৰ পৰা ক’ৰোনাৰ সংক্রমণ হোৱাৰ সন্দেহত স্থানীয় লোকসকলৰ মাজত তীব্র অসন্তুষ্টিয়ে দেখা দিছে৷ এই সন্দর্ভত ৰংমন টুৰিজিম ছ’চাইটীৰ প্রমোদ কলিতাকে ধৰি কর্মকর্তাসকলে জনসাধাৰণক ক’ভিড প্রট’কল মানি চলিবলৈ আহ্বান জনাই আহিছে যদিও কোনো গুৰুত্ব আৰোপ কৰা নাই৷ আনহাতে, ক’ভিড প্রট’কল অমান্য কৰি দীপৰ বিলৰ পাৰত এনেদৰে শ শ লোকে ভিৰ কৰা বুলি অৱগত হৈও আজাৰা থানাৰ ভাৰপ্রাপ্ত বিষয়াগৰাকীয়ে কোনোব্যৱস্থা নোলোৱা কার্যই ৰাইজৰ মাজত ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷

You might also like