নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিছপুৰ চক্র বিষয়াৰ কার্যালয়ত চলিছে মণ্ডলৰাজ

মুখ্যমন্ত্রীৰ শূন্য সহনশীল নীতিক অংগুষ্ঠঃ ধন নিদিলে ফাইল নলৰাই কর্মচাৰীযে

নিয়মীয়া বাৰ্তা ১১ ফেব্ৰুৱাৰীঃ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে দুর্নীতিৰ বিৰুদ্ধে গ্রহণ কৰা শূন্য সহনশীল স্থিতিক অংগুষ্ঠ প্রদর্শন কৰি আহিছে একাংশ চৰকাৰী বিষয়া–কর্মচাৰীয়ে৷ অসাধু চৰকাৰী বিষয়া–কর্মচাৰীৰ পৃষ্ঠপোষকতাত একাংশ চৰকাৰী কার্যালয়ত অব্যাহত আছে লুণ্ঠনৰাজ৷ শেহতীয়াকৈ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ দিছপুৰ ৰাজহ চক্র বিষয়াৰ কার্যালয়ত দুর্নীতিগ্রস্ত বিষয়া–কর্মচাৰীয়ে লুণ্ঠনৰাজ চলাই থকাৰ অভিযোগ উত্থাপন হৈছে৷ অভিযোগ অনুসৰি, দিছপুৰ ৰাজহ চক্র বিষয়াৰ কার্যালয়ত এতিয়া চলিছে মণ্ডলৰাজ৷ দিছপুৰ ৰাজহ চক্র বিষয়াৰ কার্যালয়ত কর্মৰত একাংশ মণ্ডলে মাটিৰ নামজাৰি, জমাবন্দী, ভূমি ক্রয়–বিক্রয়ৰ নামত সাধাৰণ ৰাইজৰ পৰা ব্যাপক হাৰত ধন সংগ্রহ কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷ দুর্নীতিৰ অভিযোগত দিছপুৰ চক্র বিষয়াৰ কার্যালয়ত কর্মৰত কোটিপতি মণ্ডল গীতেন্দ্র তালুকদাৰকে ধৰি কেইবাজনো মণ্ডলক চাকৰিৰ পৰা নিলম্বন কৰাৰ লগতে কৈফিয়ৎ তলৱ কৰিছিল৷ সম্প্রতি উচ্চ পদস্থ বিষয়াৰ আশিস লাভ কৰি দিছপুৰ চক্র বিষয়াৰ কার্যালয়ৰ কেইবাজনো মণ্ডলে ব্যাপক হাৰত ধন সংগ্রহ কৰি অহাৰ অভিযোগ উত্থাপন হৈছে৷

অভিযোগ অনুসৰি, মণ্ডল উপেন তালুকদাৰ আৰু বসন্ত ৰাভাই এতিয়া দিছপুৰ চক্র বিষয়াৰ কার্যালয়ত মণ্ডলৰাজ চলাই আহিছে৷ উচ্চ পদস্থ বিষয়াৰ আশিসধন্য এই দুগৰাকী মণ্ডলে বিভিন্ন কাম কৰাৰ নামত ধন সংগ্রহ কৰি নামে–বেনামে সম্পত্তিৰ পাহাৰ গঢ়িছে৷ প্রতাপী মণ্ডল দুগৰাকীয়ে একাংশ দালালৰ জৰিয়তে মাটিৰ নামজাৰি, জমাবন্দী, ভূমি ক্রয়–বিক্রয়ৰ নামত ২০ হাজাৰৰ পৰা লাখ লাখ টকালৈকে সংগ্রহ কৰাৰ অভিযোগ উঠিছে৷ উপেন তালুকদাৰ নামৰ মণ্ডলজনৰ চৰকাৰী নথি–পত্র ৰখা গডৰেজটোৰ পৰা দালালে মাটিৰ নথি–পত্র উলিওৱা দৃশ্য কার্যালয়টোত তেনেই সুলভ৷ বিভিন্ন কামৰ বাবে ৰাজহ চক্র বিষয়াৰ কার্যালয়লৈ অহা লোকসকলে উৎকোচ নিদিলে মাহৰ পাছত মাহ ধৰি কার্যালয়টোলৈ অহা–যোৱা কৰিব লগা এক পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি ভুক্তভোগীয়ে অভিযোগ কৰিছে৷ এক কথাত উৎকোচ নিদিলে দিছপুৰ ৰাজহ চক্র বিষয়াৰ কার্যালয়ৰ কর্মচাৰীয়ে ফাইল নলৰাই৷ দীর্ঘদিন ধৰি দিছপুৰ ৰাজহ চক্র বিষয়াৰ কার্যালয়ত মণ্ডলৰাজ, দালালৰাজ চলি অহাৰ পাছতো চক্র বিষয়াগৰাকীয়ে দুর্নীতিগ্রস্ত মণ্ডলকেইগৰাকীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্রহণ কৰা নাই৷ সেয়েহে দিছপুৰ ৰাজহ চক্র বিষয়াৰ কার্যালয়ত চলি থকা দালালৰাজ, মণ্ডলৰাজ, লুণ্ঠনৰাজ বন্ধ কৰাৰ বাবে জিলা উপায়ুক্তক ব্যৱস্থা গ্রহণ কৰিবলৈ ভুক্তভোগী লোকসকলে আহ্বান জনাইছে৷

You might also like