বশিষ্ঠৰ পাহাৰ অঞ্চলত খোৱাপানীৰ নাটনি
নিয়মীয়া বাৰ্তা ২১ ডিচেম্বৰঃ গুৱাহাটী মহানগৰীত লাখ লাখ টকা ব্যয়সাপেক্ষে আৰম্ভ কৰা অধিকাংশ পানী যোগান আঁচনি আজিও সম্পন্ন হোৱা নাই৷ জিএমডি তথা জিএমচিৰ একাংশ বিষয়া–কর্মচাৰীৰ লগতে আন একাংশ লোকৰ অদূৰদর্শিতাৰ বাবেই মহানগৰীত পানী যোগান আঁচনিৰ কাম অসম্পূর্ণ হৈ আছে৷ ফলত এটুপি খোৱাপানীৰ বাবে মহানগৰবাসীয়ে হাহাকাৰ কৰিবলগীয়া হৈছে৷ বিশেষকৈ বশিষ্ঠ মন্দিৰৰ সমীপৰ অৰুন্ধতী পাহাৰীয়া অঞ্চলত শেহতীয়াকৈ ব্যাপক খোৱাপানীৰ সংকটে দেখা দিয়া পৰিলক্ষিত হৈছে৷ অঞ্চলটোত বসবাস কৰা শতাধিক পৰিয়ালে এটুপি খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷
উল্লেখ্য যে একাংশ স্থানীয় লোকে দীর্ঘদিন ধৰি দাবী জনাই অহাৰ পিছত জনস্বাস্থ্য কাৰিকৰী বিভাগে চলিত বিত্তীয় বর্ষৰ এ’পিডি–জিৰ অধীনত ৮৬.৫১ লাখ টকা পুঁজি আবণ্টনেৰে বশিষ্ঠৰ পাহাৰীয়া অঞ্চলত অৰুন্ধতী পানী যোগান আঁচনিৰ কাম হাতত লয়৷ আঁচনিখনৰ বাবে প্রয়োজন হোৱা ভূমিৰ বাবে দিছপুৰ ৰাজহ চক্র বিষয়াৰ কার্যালয়ে চৰজমিন তদন্ত কৰি অৰুন্ধতী পাহাৰত থকা বেলতলা মৌজাৰ ১৪০নং দাগৰ চৰকাৰী মাটি আবণ্টন দি উক্ত অঞ্চলটোত পানী যোগান আঁচনিৰ কাম আৰম্ভ কৰাৰ বাবে প্রস্তুতি চলায়৷ কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্তই এই সন্দর্ভত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ গুৱাহাটী সংমণ্ডলক শীঘ্রে পানী যোগান আঁচনিৰ কাম আৰম্ভ কৰাৰ নির্দেশ দিয়ে৷
অতিৰিক্ত উপায়ুক্তৰ নির্দেশত জনস্বাস্থ্য কাৰিকৰী বিভাগে অৰুন্ধতী পাহাৰত পানী যোগান আঁচনিৰ কাম আৰম্ভ কৰি প্রায় ২০০ ফুট পর্যন্ত গভীৰ নলী–নাদ খননৰ কাম আগবঢ়াই নিয়ে৷ সেই সময়তে অঞ্চলটোৰ একাংশ লোকৰ লগতে বশিষ্ঠ মন্দিৰৰ দুগৰাকী পুৰোহিতে উক্ত স্থানত পানী যোগান আঁচনি নির্মাণ কৰাত আপত্তি দর্শায় বুলি বৃহত্তৰ বশিষ্ঠ–বেলতলা সন্মিলিত নাগৰিক সমাজৰ সভাপতি দাসো কলিতা আৰু সাধাৰণ সম্পাদক দীনেশ চন্দ্র বড়োৱে জানিবলৈ দিছে৷ যাৰ বাবে অঞ্চলবাসীয়ে খোৱাপানীৰ কাৰণে গভীৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে৷ সেয়েহে এই আঁচনিৰ আধৰুৱা কামখিনি সম্পন্ন কৰাৰ বাবে নাগৰিক সমাজৰ তৰফৰ পৰা মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু সাংসদ কুইন ওজালৈ স্মাৰক–পত্র প্রেৰণ কৰি বিহিত ব্যৱস্থা গ্রহণৰ দাবী জনায়৷