নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্লেডেৰে ৰেপি ব্যৱসায়ীক হত্যাৰ চক্রান্ত ড্রাগছ আসক্তৰ

নিয়মীয়া বাৰ্তা, ৭ ছেপ্টেম্বৰঃ নিষিদ্ধ ড্রাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে ৰাজ্যজুৰি একপ্রকাৰ যুদ্ধ ঘোষণা কৰাৰ সময়তে ৰাজধানী গুৱাহাটী মহানগৰীত ড্রাগছ আসক্তৰ উপদ্রৱ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ সন্ধিয়া হ’লেই ড্রাগছ আসক্ত উদণ্ড যুৱকে ৰাজপথত ওলাই আহি পৰিৱেশ বিনষ্ট কৰাৰ লগতে বিভিন্ন দোকান–পোহাৰত সোমাই সাধাৰণ ব্যৱসায়ীৰ পৰা ডাবি–ধমকিৰে গুণ্ডাকৰ সংগ্রহ কৰি ব্যৱসায়ীসকলক হাৰাশাস্তি কৰিছে৷ আনকি একাংশ উদণ্ড যুৱকে দাবী কৰা

ধন নিদিয়াৰ বাবেই ব্যৱসায়ীসকলক মাৰধৰ কৰাৰ উপৰি প্রাণে মৰাৰ ভাবুকি দিছে৷ আৰক্ষী–প্রশাসনৰ চকুৰ সন্মুখতে ড্রাগছ আসক্তৰ উদ্ভণ্ডালি চলিছে যদিও আৰক্ষীয়ে এইক্ষেত্রত বিহিত ব্যৱস্থা গ্রহণ নকৰাকৈ অভিযোগ উত্থাপিত হৈছে৷ কালি এনে এক ঘটনা সংঘটিত হৈছে মহানগৰীৰ গীতানগৰ অঞ্চলত৷ গীতানগৰৰ মাদাৰ টেৰেছা পথৰ ৰিয়ান ছার্ভিচিং চেণ্টাৰ নামৰ প্রতিষ্ঠানটোৰ গৰাকী মোজাহিদ আলীক কেইজনমান ড্রাগছ আসক্ত যুৱকে ব্লেডেৰে ৰেপি প্রাণে মৰাৰ চেষ্টা চলায়৷

ঘটনাৰ বিৱৰণী অনুসৰি কাৰ ছার্ভিচ চেণ্টাৰৰ গৰাকী মুজাহিদ আলীক বিগত কেইবাদিনো ধৰি সন্ধিয়া কেইজনমান ড্রাগছ আসক্ত যুৱকে ধন দাবী কৰি আহিছে৷ অইন দিনাৰ দৰে কালিও ড্রাগছ আসক্ত অংকুৰ শর্মা আৰু তেওঁৰ দুই ভাতৃ জিংকুমণি শর্মা আৰু জিতুমণি শর্মাই আলীৰ দোকানত উপস্থিত হৈ ধন দাবী কৰে৷ ব্যৱসায়ী আলীয়ে দাবী কৰা ধন নিদিয়াত তেওঁক যুৱক তিনিজনে অশ্লীল গালি–গালাজ কৰাৰ লগতে অংকুৰ শর্মাই ব্লেডেৰে আক্রমণ কৰে৷ ডিঙি আৰু পেটৰ তলৰ অংশত ব্লেডেৰে ৰেপি ব্যৱসায়ী আলীক হত্যাৰ চেষ্টা চলায় যদিও স্থানীয় লোকৰ তৎপৰতাত তেওঁ ৰক্ষা পৰে৷

অৱশেষত মুমূর্ষু অৱস্থাত ব্যৱসায়ীজনক কে জি এম টি হাস্পতালত ভর্তি কৰোৱা হয়৷ হাস্পতালৰ আই চি ইউত চিকিৎসাধীন হৈ থকা ব্যৱসায়ীজনৰ দেহত ৪৪টা চিলাই পৰা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে৷ সম্প্রতি ব্যৱসায়ীজন সংকটজনক অৱস্থাত হাস্পতালত চিকিৎসাধীন হৈ আছে৷

ইপিনে, ঘটনা সন্দর্ভত ব্যৱসায়ী আলীৰ পত্নীয়ে গীতানগৰ থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি অভিযুক্ত ড্রাগছ আসক্ত মূল অভিযুক্ত অংকুৰক গ্রেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে যদি আন দুজন অভিযুক্ত পলাতক হৈ আছে৷

You might also like