নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চন্দ্রপুৰত ডাম্পিং গ্রাউণ্ড স্থাপনৰ বিৰুদ্ধে মহিলাৰ প্রতিবাদ

নিয়মীয়া বাৰ্তা, ৯ জুলাইঃ গুৱাহাটী পৌৰ নিগমৰ দ্বাৰা গুৱাহাটী মহানগৰৰ আৱর্জনাৰে চন্দ্রপুৰ তাপবিদ্যুৎ প্রকল্প স্থলীত ডাম্পিং গ্রাউণ্ড স্থাপনৰ সিদ্ধান্ত বাতিল কৰাৰ দাবীত বৃহস্পতিবাৰে চন্দ্রপুৰ বেংক তিনিআলিত দিনৰ ১১ বজাৰ পৰা দিনৰ ১ বজালৈ মহিলাসকলে দুঘণ্টীয়া অৱস্থান কার্যসূচী ৰূপায়ণ কৰি তীব্র প্রতিবাদ সাব্যস্ত কৰে৷

মহিলাসকলে হাতে হাতে অসম চৰকাৰ হায় হায়, জি এম চি হায় হায়, আমাক ডাম্পিং গ্রাউণ্ড নালাগে, চন্দ্রপুৰ ডাষ্টবিন নহয়, চন্দ্রপুৰত গুৱাহাটীৰ আৱর্জনা অনা বন্ধ কৰক আদি শ্লোগান দি চন্দ্রপুৰৰ আকাশ–বতাহ কঁপাই তোলে৷ মহিলাৰ অৱস্থান কার্যসূচীত অংশগ্রহণ কৰি চন্দ্রপুৰ গাঁও পঞ্চায়তৰ প্রাক্তন সভানেত্রী বিনীতা ৰাভা ইংহিয়ে কয় যে আমি চন্দ্রপুৰৰ মহিলাসকলে চন্দ্রপুৰৰ প্রাকৃতিক পৰিৱেশ কোনো কাৰণতে ধবংস হ’ব দিব নোৱাৰোঁ৷ আমাৰ শিশুসকলৰ ভৱিষ্যৎ অন্ধকাৰ হ’ব দিব নোৱাৰোঁ৷ যদি চন্দ্রপুৰত গুৱাহাটীৰ আৱর্জনাৰ গাডী অনাত বাধা দিব লাগে, তেন্তে মহিলাসকলে প্রথম বাধা দিব বুলি কয়৷

ইয়াৰ পিছতে মহিলাসকলৰ অৱস্থান কার্যসূচীত অংশগ্রহণ কৰি চন্দ্রপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ৰুণুমী বৰা ফুকনে কয় যে চন্দ্রপুৰৰ নাৰী শক্তিৰ উমান চৰকাৰে পোৱা নাই, সেয়েহে এতিয়ালৈ চৰকাৰে ব্যৱস্থা গ্রহণ কৰা নাই৷ কিন্তু নাৰী শক্তিয়ে যেতিয়া ধৈর্য হেৰুৱাব তেতিয়া চৰকাৰৰ ৰক্ষা নহ’ব৷ প্রাক্তন ছাত্রী নেত্রী জয়শ্রী কলিতাই কয় যে চন্দ্রপুৰত কেতিয়াও ডাম্পিং গ্রাউণ্ড স্থাপন কৰিবলৈ দিয়া নহয়৷ শেষ বিন্দু তেজ থকালৈ ইয়াৰ বিৰুদ্ধে প্রতিবাদ অব্যাহত থাকিব৷ জোনালী বংজাঙে বক্তব্য ৰাখি কয় যে আমাক উদ্যোগ লাগে, কিন্তু জাবৰ নালাগে৷ চৰকাৰে আমাৰ দাবী শুনিব লাগিব৷ আজিৰ এই কার্যসূচীত চন্দ্রপুৰৰ বিভিন্ন মহিলা সংগঠনৰ প্রতিনিধিৰ লগতে স্থানীয় প্রায় তিনি শতাধিক মহিলাই অংশগ্রহণ কৰে৷

You might also like