মহানগৰীৰ ৰাজপথত আৱর্জনাৰ দ’ম
নিয়মীয়া বাৰ্তা ২২ ছেপ্টেম্বৰঃ গুৱাহাটী মহানগৰীৰ সৌন্দর্যবর্ধনৰ লগতে দেশৰ ভিতৰত অন্যতম পৰিষ্কাৰ চহৰ হিচাপে গঢ়ি তোলাৰ বাবে সময়ে সময়ে বিভিন্ন পদক্ষেপ গ্রহণ কৰি আহিছে যদিও এইক্ষেত্রত চূড়ান্ত ব্যর্থ হৈছে গুৱাহাটী পৌৰ নিগম৷ বিশেষকৈ মহানগৰীৰ জাৱৰ নিষ্কাশনৰ ক্ষেত্রত পৌৰ নিগমে গ্রহণ কৰা ব্যৱস্থাসমূহ ভেঁকোভাওনাত পৰিণত হৈছে৷ ফলত আৱর্জনাৰে ভৰি পৰিছে গুৱাহাটীৰ ৰাজপথ৷ ৰাজপথত সিঁচৰতি হৈ থকা জাৱৰৰ পৰা নির্গত হোৱা পূতিগন্ধময় পৰিৱেশে জনস্বাস্থ্যলৈ ভাবুকি কঢ়িয়াই অনাৰ লগতে ইয়াৰ সৌন্দর্যবর্ধনত ব্যাঘাত জন্মাইছে৷
আৱর্জনা নিষ্কাশনৰ দায়িত্বত থকা একাংশ এনজি’ তথা শ্রমিকে বিশ্বকর্মা পূজাৰ অজুহাত দেখুৱাই যোৱা কেইবাটাও দিন ধৰি জাৱৰ নিষ্কাশন কৰা নাই৷ মহানগৰীৰ কছাৰীবস্তি, গণেশগুৰি, হাতীগাঁও, ভেটাপাৰা, বেলতলা, ছয়মাইল, পাঞ্জাবাৰী, হেঙেৰাবাৰী, বিৰুবাৰী আদি অঞ্চলত কেইবাদিন ধৰি আৱর্জনা নিষ্কাশন নকৰাত ৰাজপথত দ’মে দ’মে জাৱৰ পৰি থকা পৰিলক্ষিত হৈছে৷ স্থানীয় লোকে অতিষ্ঠ হৈ জি এম চি কর্তৃপক্ষক অৱগত কৰাৰ পাছতো ৰাজপথৰ পৰা জাৱৰৰ দ’ম আঁতৰাবলৈ বিহিত ব্যৱস্থা গ্রহণ কৰা নাই৷