নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রচাৰ মাধ্যমৰ ওপৰত দৃষ্টি ৰখাৰ নির্দেশ নির্বাচনী বিষয়াৰ

নিয়মীয়া বাৰ্তা ১৩ মাৰ্চঃ আগন্তুক বিধানসভা নির্বাচনত যাতে কোনো ৰাজনৈতিক দল অথবা প্রার্থীয়ে বৈদ্যুতিন আৰু ছপা মাধ্যমৰ জৰিয়তে নির্বাচনী আচৰণবিধিবহির্ভূত কোনোধৰণৰ প্রচাৰ চলাব নোৱাৰে, তাৰ প্রতি তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ নির্বাচনৰ ‘মিডিয়া চার্টিফিকেচন এণ্ড মনিটৰিং’ কোষত নিয়োজিত বিষয়ববীয়াসকলক নির্দেশ দিছে কামৰূপ মহানগৰ নির্বাচন জিলাৰ বিষয়ববীয়াৰ সৈতে উপায়ুক্ত তথা জিলা নির্বাচন বিষয়া বিশ্বজিৎ পেগুৱে৷ শুকুৰবাৰে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত কার্যালয়ৰ সভাকক্ষত এম চি এম চি কোষৰ বিষয়ববীয়াসকলৰ উপস্থিতিত আয়োজিত এখন সভাত উপায়ুক্তগৰাকীয়ে স্বচ্ছ আৰু নিকা নির্বাচন অনুষ্ঠিত কৰাৰ উদ্দেশ্যে ২৪ ঘণ্টাই প্রচাৰ মাধ্যমসমূহৰ পর্যবেক্ষণৰ বিষয়টোত গুৰুত্ব আৰোপ কৰে৷ সভাত ছ’চিয়েল মিডিয়াৰ সূক্ষ্ম পর্যবেক্ষণ সন্দর্ভতো গুৰুত্ব আৰোপ কৰে জিলা উপায়ুক্ত তথা জিলা নির্বাচন বিষয়াগৰাকীয়ে৷ ভোটাৰক আকৃষ্ট কৰাৰ উদ্দেশ্যে কোনো লোকে নির্বাচনী আচৰণবিধিবহির্ভূত পোষ্ট আপলোড কৰা দৃষ্টিগোচৰ হ’লে ছ’চিয়েল মিডিয়া পর্যবেক্ষণৰ দায়িত্বত নিয়োজিত বিষয়ববীয়াসকলক তৎক্ষণিকভাৱে ৰিটার্নিং বিষয়াক অৱগত কৰিবলৈ উপায়ুক্তজনে নির্দেশ দিয়ে৷

You might also like