নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্রহ্মপুত্রৰ খহনীয়াৰ কবলত ৰামচিং চাপৰিৰ কৃষিভূমি

নিয়মীয়া বাৰ্তা, ১৪ ছেপ্টেম্বৰঃ উন্নয়নৰ ক্ষেত্রত সর্বদিশতে বঞ্চিত হৈ থকা ৰামচিং চাপৰিবাসী সম্প্রতি প্রকৃতিৰ ৰোষত পৰিছে৷ প্রকৃতিৰ ৰোষত পৰাৰ ফলত আনকি জীৱন–জীৱিকাৰ ক্ষেত্রতো চৰম ভাবুকিৰ সৃষ্টি হৈছে অঞ্চলবাসীৰ৷ উল্লেখ্য যে পানীখাইতী পঞ্চায়তৰ অন্তর্গত ৰামচিং চাপৰি অঞ্চলটো চৰকাৰী সু–দৃষ্টিৰ পৰা বহু দূৰত থকাৰ বাবে সর্বদিশতে একেবাৰে পিছপৰি থকাৰ সময়তে লুইতৰ কোপদৃষ্টিয়ে সর্বহাৰা কৰিছে ৰামচিংবাসীক৷

প্রাপ্ত তথ্য অনুসৰি, বিগত ভালেমান দিন ধৰি লুইতৰ খহনীয়াৰ কবলত পৰি অঞ্চলটোৰ এশ একৰতকৈ অধিক কৃষিভূমি নৈৰ বুকুত জাহ গৈছে৷ স্থানীয় সমাজকর্মী মুন্সিলাল মাহাতোই জানিবলৈ দিয়া মতে, অঞ্চলটোত ১৫২টা পৰিয়াল বসবাস কৰে৷ নৈপৰীয়া এই অঞ্চলটোৰ প্রায় এশ শতাংশ লোকে কৃষিকর্ম কৰি জীৱন নির্বাহ কৰি আহিছে৷ কিন্তু যোৱা প্রায় দুটা বছৰত লুইতৰ খহনীয়াত প্রায় ৯৫ শতাংশ কৃষিভূমি জাহ যোৱাত কর্মহীন তথা জীৱিকাহীন হৈ পৰিছে অঞ্চলবাসী৷ নৈপৰীয়া কৃষিভূমিৰ ওপৰত নির্ভৰ কৰি পৰিয়াল ভৰণ–পোষণ দি অহা অঞ্চলবাসীয়ে সম্প্রতি উপার্জনৰ একমাত্র কৃষিভূমিখিনি নৈত জাহ যোৱাত পৰিয়াল চলোৱাক লৈ চিন্তিত হৈ পৰিছে৷

আনহাতে, কৃষিভূমি হেৰোৱাৰ পিছত শেহতীয়াকৈ নৈৰ খহনীয়াই গাঁওখন উছন কৰাৰ উপক্রম ঘটিছে৷ তথ্য অনুসৰি নৈখনৰ খহনীয়া আগবাঢ়ি আহি বসতিস্থলৰ নিচেই কাষ চাপিছে৷ প্রত্যক্ষ কৰা মতে, কেইবাটাও পৰিয়ালৰ বাসগৃহৰ ওচৰ চাপি ২০ৰ পৰা ৫০ ফুট দূৰত্বত অৱস্থান কৰিছে নৈখন৷ ফলত কম দিনৰ ভিতৰত গাঁওখনৰ বহু পৰিয়ালৰ বাসস্থান হেৰুৱাব লগাৰ আশংকাত ভুগিছে অঞ্চলবাসী৷ এফালে জীৱিকাৰ তাড়না, আনফালে অঘৰী হোৱাৰ আশংকাত চিন্তিত অঞ্চলবাসীয়ে চৰকাৰৰ সহায় কামনা কৰিছে৷ বিশেষকৈ নৈখনৰ খহনীয়া প্রতিৰোধৰ ব্যৱস্থা কৰাৰ বাবে চৰকাৰক দাবী জনাইছে ৰামচিংবাসীয়ে৷

You might also like