নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গণেশগুৰি–বেলতলা– পাঁচ মন্দিৰ উচ্ছেদ

নিয়মীয়া বাৰ্তা ২২ ডিচেম্বৰঃ   গুৱাহাটী উচ্চ ন্যায়ালয়ে মহানগৰীৰ বিভিন্ন স্থানত পথৰ কাষতে নির্মাণ কৰা ধর্মীয় অনুষ্ঠান উচ্ছেদৰ নির্দেশ জাৰি কৰিছে৷ ন্যায়ালয়ৰ নির্দেশ অনুসৰি জিলা প্রশাসনে আজি বেলতলা, খানাপাৰা আৰু গণেশগুৰিত পথৰ কাষত অনুমতিবিহীনভাৱে নির্মাণ কৰা পাঁচটা মন্দিৰ উচ্ছেদ কৰে৷ জিলা প্রশাসনৰ নির্দেশ অনুসৰি দিছপুৰ ৰাজহ চক্র বিষয়াৰ নেতৃত্বত যোৱা এটা দলে বেলতলাৰ বনগাঁৱত দুটা শনি মন্দিৰ, বেলতালৰ লক্ষীমন্দিৰৰ সমীপত এটা হনুমান মন্দিৰ, খানাপাৰাৰ দুগ্ধ সঞ্চালকালয়ৰ সমীপৰ এটা শনি মন্দিৰ আৰু গণেশগুৰিৰ হেঙেৰাবাৰী সংযোগী পথৰ কাষৰ এটা শনিমন্দিৰত উচ্ছেদ অভিযান চলায়৷ অভিযানকাৰী দলটোৱে এক্সকেভেটৰৰ সহায়ত পথৰ কাষত নির্মাণ কৰা মন্দিৰকেইটা ভাঙি পেলায়৷ উল্লেখ্য যে পথৰ কাষত অনুমতিবিহীনভাৱে নির্মাণ কৰা ধর্মীয় অনুষ্ঠানসমূহৰ পৰা যাতায়াতৰ ক্ষেত্রত যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱাৰ লগতে যান–জঁটৰ সৃষ্টি হৈ আহিছে৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে পথৰ কাষত থকা মন্দিৰসমূহ উচ্ছেদ কৰিবলৈ জিলা প্রশাসনক নির্দেশনা জাৰি কৰিছিল৷

ন্যায়ালয়ৰ নির্দেশনাৰ ওপৰত ভিত্তি কৰি কামৰূপ (ম) জিলা উপায়ুক্তই পথৰ কাষৰ ধর্মীয় অনুষ্ঠানসমূহ চিনাক্ত কৰিবলৈ ৰাজহ চক্র বিষয়াসকলক নির্দেশ দিছিল৷ এই নির্দেশৰ ওপৰত ভিত্তি কৰিয়েই দিছপুৰ ৰাজহ চক্র বিষয়াৰ কার্যালয়ে বহুকেইটা ধর্মীয় অনুষ্ঠান চিনাক্ত কৰে৷ লকডাউনৰ বাবে এই উচ্ছেদ অভিযান বন্ধ আছিল যদিও আজি দিছপুৰ ৰাজহ চক্র বিষয়াৰ কার্যালয়ে পথৰ কাষত নির্মাণ কৰা পাঁচটাকৈ মন্দিৰ উচ্ছেদ কৰে৷ ইফালে, কোনোধৰণৰ জাননী জাৰি নকৰাকৈয়ে এনেদৰে মন্দিৰ ভাঙি পেলোৱা কার্যক মন্দিৰ পৰিচালনা সমিতিয়ে একমুখে গৰিহণা দিছে৷ লগতে মন্দিৰৰ বিনিময়ত পুনৰ মন্দিৰ নির্মাণ কৰি দিবলৈ জিলা প্রশাসনক ৰাইজে দাবী জনাইছে৷

উল্লেখ্য যে ২০১১ চনত পশ্চিম গুৱাহাটী নাগৰিক সজাগতা মঞ্চই পথৰ কাষত অনুমতিবিহীনভাৱে নির্মাণ কৰা মন্দিৰ উচ্ছেদৰ বাবে জিলা প্রশাসন আৰু পৌৰ নিগমক আহ্বান জনাইছিল৷ পশ্চিম গুৱাহাটী নাগৰিক সজাগতা মঞ্চৰ আহ্বানৰ প্রতি সঁহাৰি জনাই প্রশাসনে ভৰলুমুখ আৰু মাছখোৱাত অনুমতিবিহীনভাৱে নির্মাণ কৰা কেইবাটাও মন্দিৰ উচ্ছেদ কৰিছিল৷ ২০১৫ চনতো বৰচলা বিলৰ পাৰত নির্মাণ কৰা এটা শিৱ মন্দিৰ প্রশাসনে উচ্ছেদ কৰিছিল৷ ন্যায়ালয়ৰ নির্দেশ অনুসৰি মহানগৰীৰ পথৰ কাষত অনুমতিবিহীনভাৱে নির্মাণ কৰা ধর্মীয় অনুষ্ঠানসমূহ ধাৰাবাহিকভাৱে উচ্ছেদ কৰা হ’ব বুলি জিলা প্রশাসনৰ তৰফৰ পৰা জানিবলৈ দিছে৷

You might also like