নিয়মীয়া বাৰ্তা ২৮ জানুৱাৰীঃ মহানগৰ আৰক্ষী আৰু জিলা প্রশাসনৰ একাংশ অসাধু বিষয়াৰ পৃষ্ঠপোষকতাত গুৱাহাটীৰ আশে–পাশে থকা বনাঞ্চল আৰু জলাশয়ত ভূ–মাফিয়াই বেদখল কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷ শেহতীয়াকৈ আৰক্ষী আৰু জিলা প্রশাসনৰ বিষয়াক মেনেজ কৰি ভূ–মাফিয়াই শিলসাঁকো বিল বেদখল কৰি সন্দেহজনক লোকৰ বসতিস্থলীলৈ পৰিণত কৰাৰ অভিযোগ উত্থাপিত হৈছে৷ চৰকাৰ আৰু প্রশাসনৰ নির্লিপ্ততাৰ সুযোগ লৈ ভূ–মাফিয়াই শিলসাঁকো বিল বেদখল কৰি তর্জা বেৰৰ ঘৰৰ লগতে নির্মাণ কৰিছে বৃহৎ বৃহৎ অট্টালিকা৷ শিলসাঁকো বিলত বেদখল কৰি ভূ–মাফিয়াই বহুকেইগৰাকী বিতর্কিত বিল্ডাৰক বিশাল পৰিমাণৰ ভূমি বিক্রী কৰাৰো অভিযোগ উত্থাপিত হৈছে৷ অভিযোগ অনুসৰি শিলসাঁকো বিলত ৰাজীৱ বসুমতাৰী, দীপক ডেকা, বিশ্ব, কাক পেগু, ধর্মেন্দ্রকে ধৰি বহুকেইটা ভূ–মাফিয়াই শিলসাঁকো বিলৰ ভূমি বেদখল কৰি বিক্রী কৰি আহিছে৷ স্থানীয় আৰক্ষী আৰু জিলা প্রশাসনৰ একাংশ অসাধু বিষয়াক মেনেজ কৰি এই ভূ–মাফিয়া চক্রটোৱে শিলসাঁকো বিলৰ ভূমি বেদখল কৰি তর্জাৰ বেৰৰ ঘৰ সাজি সন্দেহজনক লোকক নামমাত্র ভাৰাত থাকিবলৈ দিছে৷ শিলসাঁকো বিলৰ ভূমি বেদখল কৰি ভূ–মাফিয়া চক্রটোৱে তর্জাৰ ঘৰ সাজি আৱাসিক এলেকালৈ পৰিণত কৰিছে৷ তদুপৰি এই ভূ–মাফিয়া চক্রটোৱে শিলসাঁকো বিল বেদখল কৰি বিক্রী কৰা ভূমিত জি এম চি, জি এম ডি এ, জিলা প্রশাসনৰ অনুমতি অবিহনে বিল্ডাৰে নির্মাণ কৰিছে বিশাল বিশাল অট্টালিকা৷ আৰক্ষী আৰু জিলা প্রশাসনৰ জ্ঞাতসাৰে শিলসাঁকো বিলত অস্বাভাৱিকভাৱে বৃদ্ধি পোৱা বাসগৃহসমূহ উচ্ছেদ কৰাৰ বাবে কোনোধৰণৰ ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷ কেইদিনমান পূর্বে গুৱাহাটী মহানগৰ উন্নয়ন বিভাগৰ মন্ত্রী সিদ্ধার্থ ভট্টাচার্যই বনাঞ্চল আৰু জলাশয়ৰ ভূমি বেদখল কৰা লোকৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলাব বুলি ঘোষণা কৰিছিল৷ জিলা উপায়ুক্তই জলাশয় আৰু বনাঞ্চলৰ ভূমি বেদখল সন্দর্ভত জৰীপ আৰম্ভ কৰাৰ কথাও মন্ত্রীগৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিছিল৷ শিলসাঁকো বিলৰ ভূমি বেদখল কৰি আৱাসিক এলেকালৈ ৰূপান্তৰিত কৰা ভূ–মাফিয়াৰ বিৰুদ্ধে চৰকাৰ–প্রশাসনে কি ব্যৱস্থা গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷