ফাঁচীবজাৰৰ জনসমাগমে বিপদ মাতিব গুৱাহাটীলৈ
নিয়মীয়া বাৰ্তা ৯ মেঃ সমগ্র দেশৰ লগতে অসমতো দ্রুতগতিত ক’ৰোনা আক্রান্তৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ বিগত ২৪ ঘণ্টাত ৰাজ্যত ১২জনকৈ ব্যক্তিৰ দেহত ক’ৰোনা পজিটিভ পোৱা গৈছে৷ মহামাৰী ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধৰ বাবে চৰকাৰে লকডাউন ঘোষণা কৰি মাৰাত্মক ক’ৰোনা যুদ্ধত জয়ী হ’বলৈ ৰাজ্যবাসীৰ সহযোগিতা কামনা কৰিছে৷ সঘনাই হাত ধোৱাৰ লগতে সামাজিক দূৰত্ব বজাই ৰখা আৰু মাস্ক পৰিধান কৰাৰ উপৰি কোনো লোকৰ দেহত প্রাথমিক লক্ষণ দেখা দিলে লগে লগে ওচৰৰ স্বাস্থ্যকেন্দ্র তথা প্রশাসনৰ লগত যোগাযোগ কৰিবলৈ ৰাজ্যৰ স্বাস্থ্য বিভাগে ৰাজ্যবাসীক আহ্বান জনাইছে৷
ক্রমাৎ ক’ৰোনা ভাইৰাছে ভয়াৱহ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে যদিও ৰাজ্যবাসীয়ে এই মাৰাত্মক ক’ৰোনা ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ ল’বলগীয়া সাৱধানতা অৱলম্বন কৰা পৰিলক্ষিত হোৱা নাই৷ ৰাজ্যৰ স্বাস্থ্য বিভাগৰ লগতে জিলা–আৰক্ষী প্রশাসনৰ আহ্বানক ভেঙুচালি কৰি একাংশ লোকে ৰাজপথত টিঘিলঘিলাই ঘূৰি ফুৰাৰ সমান্তৰালকৈ দোকান–পোহাৰ আদি খুলি সামগ্রী ক্রয়–বিক্রয় কার্য চলাই আছে৷ বিশেষকৈ গুৱাহাটী মহানগৰীত তৃতীয় পর্যায়ৰ লকডাউনত শিথিলতাৰ সুযোগ গ্রহণ কৰি বহু অসাধু ব্যৱসায়ীয়ে লকডাউনৰ নীতি উলংঘা কৰি দোকান–পোহাৰ খোলা দেখা গৈছে৷ ইপিনে, জিলা প্রশাসনে অপ্রয়োজনীয়ভাৱে ৰাজপথলৈ ওলাই নাহিবলৈ আহ্বান জনাইছে যদিও প্রশাসনৰ আহ্বানক ভেঙুচালি কৰি একাংশ লোকে মহানগৰীৰ ৰাজপথ–বজাৰলৈ ওলাই অহা দেখা গৈছে৷ মহানগৰীৰ ফাঁচীবজাৰ, পাণবজাৰ, ছয়মাইল, খানাপাৰা, গণেশগুৰি, বেলতলা, হাতীগাঁও, চানমাৰি, ভঙাগড়, পল্টনবজাৰ আদি অঞ্চলত আজি শ শ লোক ওলাই অহা পৰিলক্ষিত হয়৷ যি সময়ত গুৱাহাটীত চাৰিজন ব্যক্তিৰ দেহত ক’ৰোনা পজিটিভ পোৱা গৈছে, সেই সময়তে মহানগৰীৰ অনাকাংক্ষিত জনসমাগমে মহানগৰবাসীলৈ বিপদ মাতিছে৷ উল্লেখ্য যে চিকিৎসকসহ কালি চাৰি ব্যক্তিৰ দেহত ক’ৰোনা পজিটিভ পোৱাৰ পিছতেই ৰাজ্যৰ স্বাস্থ্য বিভাগে অধিক তৎপৰতাৰে ব্যৱস্থা গ্রহণ কৰি গুৱাহাটীত ১৫০০ ব্যক্তিক কোৱাৰেণ্টাইনত ৰাখিছে৷ গুৱাহাটী চিকিৎসালয় মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ ৰমেন তালুকদাৰসহ হাস্পতালখনৰ ৩৮৬গৰাকী চিকিৎসক তথা স্বাস্থ্যকর্মীক চৰকাৰে ১৪ দিনৰ বাবে কোৱাৰেণ্টাইনত ৰাখিছে৷ গুৱাহাটীক চাৰিটা কণ্টেইনমেণ্ট জ’নত বিভক্ত কৰি স্বাস্থ্য বিভাগে এই মাৰাত্মক ক’ৰোনা ভাইৰাছৰ স’তে যুঁজ দিয়াৰ বাবে যাৱতীয় ব্যৱস্থা গ্রহণ কৰি সকলো লোকৰ সহযোগিতা কামনা কৰিছে৷