ফটাশিল–মালিগাঁৱত ড্রাগছসহ ৫ সৰবৰাহকাৰীক গ্রেপ্তাৰ
নিয়মীয়া বাৰ্তা ৩১ আগষ্টঃ মহানগৰ আৰক্ষীয়ে ড্রাগছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে৷ ড্রাগছবিৰোধী অভিযানৰ অংশ হিচাপে কালি ফটাশিল আৰক্ষীয়ে জ্যোতিকুছি জ্যোতিশ্রী নগৰত অভিযান চলাই পিণ্টু ৰয় নামৰ ড্রাগছ সৰবৰাহকাৰীটোক গ্রেপ্তাৰ কৰাৰ লগতে ৪৩.৪১ গ্রাম হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয়৷
ইফালে, মধ্য আৰক্ষী জিলাৰ আৰক্ষীয়ে লাখটকীয়াৰ ৰে’লৱেৰ উৰণীয়া সেতুৰ সমীপত অভিযান চলাই মহম্মদ নুৰ ইছলাম (৩২) নামৰ ড্রাগছ সৰবৰাহকাৰীটোৰ পৰা ১৫ গ্রাম ড্রাগছ, ৬ হাজাৰ টকা, ৩টা ম’বাইল ফোন, ৩টা ছীৰিঞ্জ আৰু ১৪০টা খালী কণ্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয়৷
আনহাতে, মহানগৰ আৰক্ষীৰ অপৰাধ শাখাই মালিগাঁও নামবাৰীৰ ছেইণ্ট মেৰিজ স্কুলৰ সমীপত অভিযান চলাই তিনিটা ড্রাগছ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰে৷ ধৃত সৰবৰাহকাৰীকেইটা মুস্তাফা আহমেদ (২১), ৰাজু আলী (২৮) আৰু প্রাঞ্জল কুমাৰ দাস (৩৫)৷ সৰবৰাহকাৰীকেইটাৰ্ পৰা এ এছ–০১ এ ৱাই–৫১৬১ নম্বৰৰ এখন বাহন আৰু ২৪ গ্রাম ব্রাউন ছুগাৰ জব্দ কৰে৷