নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পানীখাইতীৰ কার্টন ফেক্টৰীত মেচিনত আঙুলি ছিগিল মহিলা কর্মচাৰীৰ

নিয়মীয়া বার্তা, ৮ অক্টোবৰঃ পানীখাইতীস্থিত কার্টন ফেক্টৰী এটাত এগৰাকী মহিল কর্মচাৰীৰ কর্মৰত অৱস্থাতে হাতৰ দুটাকৈ আঙুলি কটা যোৱা এক ঘটনা পোহৰলৈ আহিছে৷ জানিব পৰা মতে, ঘটনাটো গাপ দিয়াৰ চেষ্টা কৰিছে ফেক্টৰীটোৰ মালিকপক্ষই৷

প্রাপ্ত তথ্য অনুসৰি ৰমেশ আগৰৱালা মালিকানাধীন কার্টন উদ্যোগটোত পৰহি কাম কৰি থকা অৱস্থাত পুৱা ১০মান বজাত ইউন’কা হাজং (২০) নামৰ মহিলা কর্মচাৰীগৰাকীৰ বাঁওহাতৰ আঙুলি মেচিনত সোমাই পৰে৷ লগে লগে আন কর্মচাৰীসকলে হাতখন উলিওৱাৰ চেষ্টা চলায় যদিও দুটাকৈ আঙুলি প্রায় ছিঙি যোৱা অৱস্থা হয়৷ তাৰ পিছতে উদ্যোগটোৰ মেনেজাৰজনে মহিলা কর্মচাৰীগৰাকীক প্রাথমিক চিকিৎসা কৰাই ঘৰলৈ যাবলৈ দিয়ে৷

ইপিনে এই ঘটনাটো গাপ দিয়াৰ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন হৈছে উদ্যোগ কর্তৃপক্ষৰ বিৰুদ্ধে৷ উত্থাপিত অভিযোগ অনুসৰি ঘটনা সম্পর্কত আন লোকক অৱগত নকৰিবলৈ আঘাতপ্রাপ্ত মহিলা কর্মচাৰীগৰাকীৰ লগতে আন আন কর্মচাৰীকো সকীয়াই দিছে কর্তৃপক্ষই৷ তথ্য অনুসৰি একপ্রকাৰ ভাবুকি প্রদান কৰিছে কর্মচাৰীসকলক৷

এইক্ষেত্রত শ্রমিক নিৰাপত্তা উন্নয়ন সমিতিয়ে মহিলা কর্মচাৰীগৰাকীৰ উপযুক্ত চিকিৎসা কৰাৰ লগতে কর্মত যোগদান কৰিব নোৱাৰালৈকে নির্দিষ্ট দৰমহা আদায় দিয়াৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে৷

আনহাতে সংগঠনটোৱে প্রকাশ কৰা মতে, উদ্যোগটোত হেনো কর্মচাৰীসকলক চৰকাৰী নির্ধাৰিত পৰিমাণতকৈ বহু কমকৈ মজুৰি প্রদান কৰে৷ আনকি কোনো কর্মচাৰীৰে নাই ই এছ আই আৰু পি এফৰ সুবিধা৷ যাৰ ফলত প্রাপ্য সা–সুবিধাৰ পৰা বঞ্চিত হৈ আছে ইয়াৰ কর্মচাৰীসকল৷ এইক্ষেত্রত শ্রম বিভাগৰ দ্বাৰা তদন্তৰ দাবী জনাইছে সংগঠনটোৱে৷

You might also like