নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীৰ শ্মশানত নিতৌ জ্বলিছে শাৰী শাৰী চিতা

এক এপ্রিলৰ পৰা ২৫ মে’লৈ চাৰি শ্মশান–কবৰস্থানত্ ১,১৪০জনৰ অন্ত্যেষ্টিক্রিয়া

নিয়মীয়া বাৰ্তা ২৭ মেঃ ক’ৰোনাৰ বিভীষিকাত স্তব্ধ হৈ পৰিছে জনজীৱন৷ মহামাৰীৰ ৰূপ লোৱা ক’ভিড–১৯ৰ দ্বিতীয় ঢ়ৌত গুৱাহাটী মহানগৰীত ৰাজ্যৰ ভিতৰতে সর্বাধিক লোক আক্রান্ত হৈছে৷ ক’ৰোনাত আক্রান্ত লোকৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পোৱাৰ লগতে মহানগৰীত মৃতকৰ সংখ্যাও প্রতিদিনে বৃদ্ধি পাইছে৷ যোৱা ২১ মে’ৰ পৰা ২৫ মে’লৈকে গুৱাহাটী মহানগৰীত ক’ৰোনাত আক্রান্তৰ সংখ্যা হ্রাস পোৱা পৰিলক্ষিত হৈছে যদিও মৃতকৰ সংখ্যা হ্রাস পোৱা নাই৷ স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই ৰাজ্যত এপ্রিল মাহৰ পৰাই ক’ভিড–১৯ৰ দ্বিতীয় ঢ়ৌ আৰম্ভ হোৱা বুলি প্রকাশ কৰিছে৷ ক’ভিডৰ দ্বিতীয় ঢ়ৌ আৰম্ভ হোৱাৰ পিছৰে পৰা ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে গুৱাহাটী মহানগৰীতো ক’ৰোনাত মৃতকৰ সংখ্যা বৃদ্ধি পাইছে৷

ক’ৰোনাৰ দ্বিতীয় ঢ়ৌত মৃত্যু হোৱা লোকৰ চিতা শাৰী শাৰীকৈ জ্বলিছে মহানগৰীৰ শ্মশানত৷ ১ এপ্রিলৰ পৰা ২৫ মে’লৈকে মুঠ ১,১৪০গৰাকী লোকৰ মৃতদেহ ক’ভিড বিধি অনুসৰি কামৰূপ মহানগৰ জিলা প্রশাসনে ভূতনাথ শ্মশান, উলুবাৰী শ্মশানত সৎকাৰ কৰাৰ উপৰি আঠগাঁও আৰু শৰণীয়া কবৰস্থানত জানাজা সম্পন্ন কৰিছে৷

কেৱল গুৱাহাটী মহানগৰীতে এপ্রিল মাহত ক’ৰোনাত মৃত্যু হোৱা ২২৭গৰাকী লোকৰ মৃতদেহ সৎকাৰ কৰিছে৷ মে’ মাহৰ ২৫ তাৰিখলৈকে কামৰূপ মহানগৰ জিলা প্রশাসনে সর্বাধিক ৯১৩গৰাকী লোকৰ মৃতদেহ সৎকাৰ কৰিছে৷ ক’ভিডৰ দ্বিতীয় ঢ়ৌ আৰম্ভ হোৱাৰ পূর্বে চলিত বর্ষৰ জানুৱাৰী মাহত ক’ৰোনাত আক্রান্ত ৮গৰাকী, ফেব্রুৱাৰী মাহত ৫গৰাকী, মার্চ মাহত ৩গৰাকী লোকৰ মৃতদেহ মহানগৰ জিলা প্রশাসনে সৎকাৰ কৰিছে৷

গুৱাহাটীত ক’ৰোনাত আক্রান্তৰ মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাত মহানগৰ জিলা প্রশাসনে বশিষ্ঠ আৰু বতাহঘুলি শ্মশানত মৃতদেহ সৎকাৰৰ ব্যৱস্থা কৰিছে৷ কিন্তু এতিয়ালৈকে এই শ্মশান দুখন ব্যৱহাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হোৱা নাই৷ মহানগৰ জিলা প্রশাসনৰ বিষয়া–কর্মচাৰীয়ে ক’ভিড বিধি অনুসৰি মৃত্যু হোৱা লোকৰ সৎকাৰ কৰি আহিছে৷ উল্লেখনীয় যে বিগত বর্ষৰ মার্চ মাহৰ পৰা চলিত বর্ষৰ মে’ মাহলৈ ক’ৰোনাত আক্রান্ত হৈ মৃত্যু হোৱা দুহাজাৰৰো অধিক লোকৰ মৃতদেহ কামৰূপ মহানগৰ জিলা প্রশাসনে সৎকাৰ কৰিছে৷

You might also like