গান্ধীজয়ন্তীত ৪২ হাজাৰ টিকাকৰণৰ লক্ষ্য জিলা প্রশাসনৰ
নিয়মীয়া বাৰ্তা ২৮ ছেপ্টেম্বৰঃ অহা ২ অক্টোবৰত পুনৰ অনুষ্ঠিত হ’ব মেগা ক’ভিড টিকাকৰণ অভিযান৷ কামৰূপ মেট্ৰ জিলাত অতি কমেও ৪২,০০০ পালি টিকাকৰণৰ লক্ষ্য স্থিৰ কৰিছে জিলা প্রশাসনে৷ এই অভিযানৰ সফল ৰূপায়ণৰ বাবে পূবৰ টিকাকৰণ কেন্দ্রসমূহৰ উপৰি সোণাপুৰৰ গাঁও অঞ্চলসমূহত আৰু মহানগৰৰ বস্তি এলেকাত অধিক টিকাকৰণ কেন্দ্রৰ সংখ্যা দ্ধি কৰাৰ নির্দেশ দিছে উপায়ুক্ত বিশ্বজিৎ পেগুৱে৷ গান্ধী জয়ন্তীৰ দিনা অনুষ্ঠিত হ’লগীয়া এই অভিযানৰ প্রস্তুতিৰ পর্যালোচনাৰ বাবে সোম্বাৰে বিয়লি উপায়ুক্ত বিশ্বজিৎ পেগুৰ অধ্যক্ষতাত অনুষ্ঠিত হয় এখন বৈঠক৷ অঞ্চল বিশেষে গাঁওবুঢ়া, লাট মণ্ডল, এম পি ডব্লিউ, ভি ডি পি, আশাকর্মী, অংগনৱাড়ী কর্মীৰ সহযোগত মেগা টিকাকৰণ অভিযান সন্দর্ভত ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ নির্দেশ দিয়ে উপায়ুক্ত বিশ্বজিৎ পেগুৱে৷ এই বৈঠকখনত অতিৰিক্ত উপায়ুক্ত গুণজিৎ ৰয়চৌধুৰী, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ গণেশ শইকীয়াৰ লগতে স্বাস্থ্য বিভাগৰ বিষয়াসকল উপস্থিত থাকে৷