নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গণেশ নগৰত বশিষ্ঠৰ বাহিনী নৈত অবাধ বেদখল

নিয়মীয়া বাৰ্তা ১০ জুনঃ বশিষ্ঠৰ বাহিনী নৈত অব্যাহত আছে অবাধ বেদখল৷ বিশেষকৈ গণেশ নগৰত বাহিনী নৈৰ দুয়োপাৰে বসবাস কৰা একাংশ লোকে বিভিন্ন নির্মাণকার্যৰ জৰিয়তে বেদখল কৰাত ক্রমাৎ নৈখন ঠেক হৈ পৰিছে৷ বছৰ বছৰ ধৰি চলা অবাধ বেদখল আৰু ঘৰুৱা আৱর্জনা তথা জাৱৰ–জোঁথৰ নৈখনত পেলোৱাত নৈখন ভৰি পৰাত সমগ্র অঞ্চলবাসীয়ে দুর্ভোগ ভুগিবলগীয়া হৈছে৷ ক্রমাৎ নৈখন ঠেক আৰু বাম হৈ অহাৰ বাবে পানীৰ বহন ক্ষমতা হ্রাস পাইছে৷ ফলত এজাক বৰষুণ দিলেই নৈখনৰ পানী অস্বাভাৱিকভাৱে বৃদ্ধি হৈ ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ বাসিন্দাৰ ঘৰ–দুৱাৰ বুৰাই পেলায়৷ এইক্ষেত্রত প্রতিক্রিয়া প্রকাশ কৰি গণেশ নগৰ উন্নয়ন সমিতিৰ সভাপতি দাসো কলিতা আৰু সম্পাদক নৃপেন কুমাৰ নাথে কয় যে বাৰিষা মেঘালয় পাহাৰত বৰষুণ দিলেই বাহিনী নদীখন ফেনে–ফোটোকাৰে বৈ আহি গণেশ নগৰেই নহয়, ৰাষ্ট্রীয় ঘাইপথকে ধৰি এই বৃহৎ অঞ্চল বুৰাই পেলায়৷ বাৰিষাৰ কেইমাহ বাহিনী নদীৰ কাষৰীয়া অঞ্চল এক প্রকাৰ পানীত ডুব গৈ থাকে৷ ফলত স্থানীয় বাসিন্দাসকলৰ জীৱন দুর্বিষহ হৈ পৰে৷ ইয়াৰ একমাত্র কাৰণ বাহিনী নদীখন পূর্বতকৈ বহুত ঠেক হৈছে, কাৰণ ইয়াৰ পাৰৰ বাসিন্দাসকলে নদীখন বেদখল কৰি ঠেক কৰি পেলোৱাৰ উপৰি ঘৰুৱা আৱর্জনা, জাৱৰ–জোঁথৰ আদি পেলাই নৈৰ পানীৰ গতি ৰোধ কৰা পৰিলক্ষিত হৈছে৷ ফলত নদীখন একেবাৰে বাম হৈ সাধাৰণ নলাৰ দৰে হৈ পৰিছে, যাৰ বাবে এই বৃহৎ অঞ্চলৰ পানীৰ বহন ক্ষমতা নাইকিয়া হৈছে নদীখনৰ৷ চৰকাৰে নদীখন বহল আৰু দ কৰাৰ আঁচনি লৈও আজিলৈ কার্যকৰী কৰা নাই বুলি সমিতিৰ সভাপতি কলিতা আৰু সম্পাদক নাথে অভিযোগ কৰি আগন্তুক বাৰিষাৰ আগে আগে নদীখন চাফা কৰাৰ ব্যৱস্থা কৰিবলৈ দাবী জনায়৷ উল্লেখ্য যে বাহিনী নদীটো মেঘালয় পাহাৰৰ পৰা নামি আহি অসম–মেঘালয়ৰ সীমান্তৰ উম ট্রেঙ্গা গাঁৱৰে বৈ অহা দক্ষিণ গণেশ নগৰ, বশিষ্ঠাচল, গুৱাহাটী অন্ধ বিদ্যালয় আৰু সামৰিক বাহিনীৰ হাস্পতালৰ মাজেৰে থকা দিছপুৰ বশিষ্ঠ মন্দিৰ পথৰ কাষেৰে বৈ গৈ নতুন বজাৰৰ কাষেৰে পশ্চিমমুৱা হৈ ব্রহ্মপুত্র বোর্ডৰ কার্যালয়ৰ কাষেৰে বনগাঁৱৰ ফালেৰে দীপৰ বিললৈ বৈ গৈছে।

You might also like