গড়চুকত চুৰি সামগ্রীসহ বহিঃৰাজ্যৰ চোৰক গ্রেপ্তাৰ
নিয়মীয়া বাৰ্তা ৮ মাৰ্চঃ মহানগৰীৰ গড়চুক আৰক্ষীয়ে কালি নিশা এটা চুৰি লেপটপ, ম’বাইল ফোন আৰু অন্যান্য সামগ্রীসহ এটা গভাইত চোৰক গ্রেপ্তাৰ কৰে৷ ধৃত চোৰটো বিহাৰৰ খাগাৰীয়া জিলাৰ মথুৰাপুৰৰ ৰামবর্মন সিং (৪১) বুলি জানিব পৰা গৈছে৷ আৰক্ষী সূত্রই জনোৱা মতে, যোৱা ৪ মার্চত লখৰা চাৰিআলিত ৰখাই থোৱা এএছ–০১ডিএল–২৪৬৬ নম্বৰৰ বাহনখনৰ গ্লাছ ভাঙি দুর্বৃত্তই লেপটপ, ম’বাইল ফোন আৰু অন্যান্য সামগ্রী লুট কৰিছিল৷ ঘটনা সন্দর্ভত ভুক্তভোগী লোকজনে গড়চুক থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩৭৯/৪২৭ ধাৰাত ১৪৯/২১ নম্বৰত এটা গোচৰ ৰুজু কৰি কালি নিশা চুৰি সামগ্রী উদ্ধাৰ কৰাৰ লগতে চোৰটোক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ আজি আদালতত হাজিৰ কৰোৱাত চোৰটোক কামৰূপ মহানগৰ জিলাৰ ন্যায়িক দণ্ডাধীশৰ আদালতে ন্যায়িক জিম্মালৈ প্রেৰণ কৰে৷