গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত অধ্যাপক বাণীকান্ত কাকতিৰ স্মৃতি দিৱস পালন
নিয়মীয়া বাৰ্তা, ১৫ নৱেম্বৰঃ অসমীয়া ভাষা সাহিত্যৰ নিষ্ণাত পণ্ডিত অধ্যাপক বাণীকান্ত কাকতিৰ স্মৃতি দিৱস গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত আজি অনুষ্ঠিত হয়। বিভাগীয় প্ৰধান অধ্যাপক কনক চন্দ্ৰ চহৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগৰ প্ৰাক্তন অধ্যাপক গোলোকেশ্বৰ গোস্বামী। মুখ্য বক্তাৰ ভাষণত ডঃ কাকতিৰ সৃষ্টিকৰ্মৰ বিষয়ে সম্যক ব্যাখ্যা আগবঢ়াই অসমীয়া ভাষাৰ প্ৰথম বিজ্ঞানসন্মত গৱেষণা-কৰ্ম ‘Assamese; It’s formation and development’ৰ কেতবোৰ গুৰুত্বপূৰ্ণ দিশ সম্পৰ্কে আলোকপাত কৰে। সভাত উপস্থিত থাকি বিভাগৰ জ্যেষ্ঠ অধ্যাপক ডঃ তৰণী ডেকাই সমসাময়িক অসমীয়া বৌদ্ধিক পটভূমিৰ পৰিপ্ৰেক্ষিতত কাকতিৰ স্থান সম্পৰ্কে চমু ব্যাখ্যা আগবঢ়ায়। আনহাতে, বিভাগৰ আন এগৰাকী অধ্যাপক এম কামালুদ্দিন আহমেদে কাকতিৰ সমালোচনা ৰীতিৰ বিষয়ে চমু অথচ তাৎপৰ্যপূৰ্ণ ভাষণ ৰাখে। অসমীয়া সমালোচনা সাহিত্যৰ ঐতিহ্যময় পৰম্পৰাত কাকতিৰ অভিনৱত্ব আৰু পৰৱৰ্তী সমালোচকসকলৰ মাজত প্ৰৱাহিত উত্তৰাধিকাৰৰ প্ৰসংগতো ডঃ আহমেদে বুদ্ধিদীপ্ত মন্তব্য আগবঢ়ায়। বিভাগৰ অধ্যাপক-অধ্যাপিকা, গৱেষক-গৱেষিকা আৰু ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানটোতেই অধ্যাপক বিমল মজুমদাৰ সম্পাদিত অসমীয়া বিভাগৰ বাৰ্ষিক গৱেষণা পত্ৰিকা ‘অন্বেষণ’ৰ ত্রয়োদশ সংখ্যাটিৰো উন্মোচন হয়। বিভাগীয় প্ৰতিনিধি তাহেৰ আলীয়ে আঁত ধৰা অনুষ্ঠানটিত অসমীয়া সাহিত্য চ’ৰাৰ সম্পাদক হৃদয়ানন্দ নাথে বৰগীত পৰিৱেশনৰ লগতে শলাগ জ্ঞাপন কৰে।