নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জিএমচিৰ ৪৫ পার্কিঙত ভুৱা লেচীৰ ধন সংগ্রহ

নিয়মীয়া বাৰ্তা ২৭ ছেপ্টেম্বৰঃ গুৱাহাটী মহানগৰীত চলিছে পার্কিং ছিণ্ডিকেট৷ পৌৰ নিগমে মহানগৰীৰ বিভিন্ন স্থানৰ ৫২টা পার্কিং ৰাইজৰ বাবে বিনামূলীয়া ঘোষণা কৰাৰ পিছতো একাংশ ভুৱা লেচীয়ে জি এম চিৰ পার্কিঙৰ পৰা অবৈধভাৱে ধন সংগ্রহ কৰিছে৷ ৰাইজৰ বাবে জি এ মচি কর্তৃপক্ষই সম্পূর্ণ বিনামূলীয়া পার্কিঙৰ ব্যৱস্থা কৰি দিয়াৰ পিছতো একাংশ আৰক্ষী বিষয়া আৰু জি এম চিৰ দুর্নীতিগ্রস্ত বিষয়া–কর্মচাৰীৰ ছত্রছায়াত বাহনৰ গৰাকীৰ পৰা পার্কিঙৰ নামত অবৈধভাৱে ধন সংগ্রহ কৰিছে৷

পৌৰ আয়ুক্ত দেৱাশিস শর্মাই জানিবলৈ দিয়া মতে, মহানগৰীৰ জালুকবাৰী, আদাবাৰী, মালিগাঁও, ভৰলুমুখ, ফাঁচীবজাৰ, পাণবজাৰ, লাখটকীয়া, পল্টন বজাৰ, জি এছ ৰোড, চানমাৰি, গণেশগুৰি, ছয়মাইল আদি অঞ্চলৰ ৫২টা জি এম চি পার্কিঙৰ লেচীয়ে নিয়মীয়াকৈ জি এম চি কর্তৃপক্ষক ধন আদায় দিয়া নাই৷ ফলত পৌৰ নিগমে পার্কিংসমূহ ৰাইজৰ বাবে সম্পূর্ণ বিনামূলীয়া ঘোষণা কৰিছে৷ কিন্তু জি এম চি কর্তৃপক্ষই সম্পূর্ণ বিনামূলীয়া ঘোষণা কৰাৰ পিছতো একাংশ লেচীয়ে বাহনৰ গৰাকীৰ পৰা পার্কিঙৰ বাবদ ধন সংগ্রহ কৰি আহিছে৷

পৌৰ আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়া মতে, সম্প্রতি মাত্র সাতজন লেচীয়ে জি এম চি কর্তৃপক্ষক ধন আদায় দিয়াৰ বিপৰীতে ৪৫টা পার্কিং আস্থানৰ লেচীয়ে জি এম চিক ধন আদায় দিয়া নাই৷ ফলত নিয়মীয়াকৈ ধন আদায় দিয়া সাতজন লেচীক ধন সংগ্রহৰ অনুমতি দিয়া হৈছে যদিও বাকী ৪৫টা পার্কিং আস্থানত লেচীয়ে অবৈধভাৱে বাহনৰ গৰাকীৰ পৰা ধন সংগ্রহ কৰিছে৷ বিশেষকৈ মহানগৰীৰ গণেশগুৰি, ছয়মাইল, ভঙাগড় আৰু উলুবাৰী উৰণীয়া সেঁতুৰ তলৰ পার্কিং আস্থানত লেচীয়ে ৰাইজৰ পৰা অবৈধভাৱে ধন সংগ্রহ কৰা বুলি ভুক্তভোগী লোকে অভিযোগ কৰে৷

উল্লেখ্য যে অহা ডিচেম্বৰলৈকে মহানগৰীৰ পার্কিং আস্থানসমূহৰ নতুনকৈ নিবিদা নহয়৷ এই সময়ছোৱাত জি এম চি পার্কিংসমূহ ৰাইজৰ বাবে সম্পূর্ণ বিনামূলীয়া থাকিব বুলি পৌৰ আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে৷ উল্লেখ্য যে গুৱাহাটীৰ কেইবাটাও পার্কিং আস্থানত জিএমচি আৰক্ষীৰ দ্বাৰা বিভাগীয় কর্তৃপক্ষই পার্কিং মাচুল সংগ্রহ কৰিছে৷

You might also like