নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোপীনাথ বৰদলৈ ভৱন মেৰামতিৰ নামত মাহে ৮ লাখ টকাকৈ লুণ্ঠন ঠিকাদাৰৰ

নিয়মীয়া বাৰ্তা ১০ আগষ্টঃ অসম বিধানসভাৰ গোপীনাথ বৰদলৈ ভৱন মেৰামতিৰ নামত প্রতিমাহে ৮ লাখ টকা লুণ্ঠন চলোৱাৰ ভয়াৱহ তথ্য পোহৰলৈ আহিছে৷ অসম বিধানসভাৰ সচিবালয়ৰ গোপীনাথ বৰদলৈ ভৱনটো চোৱা–চিতা, মেৰামতিৰ নামত ঠিকাদাৰ সুন্দৰ নাথ মিশ্রই মাহে ৮ লাখকৈ টকা সৰকাই অহিছে৷ ২০২০ চনৰ ১৬ মার্চত ঠিকাদাৰ সুন্দৰ নাথ মিশ্রৰ সৈতে হোৱা চুক্তি অনুসৰি অসম সচিবালয়ৰ গোপীনাথ বৰদলৈ ভৱনটোৰ মেৰামতি, ৰং কৰা, পানী যোগানৰ ব্যৱস্থা, বাগিচা চোৱা–চিতা, পার্কিং এৰিয়া, চালকৰ ৰুম, ভৱনটোৰ নিয়মীয়াকৈ মেৰামতি কৰাৰ নামত প্রতিমাহে ৮ লাখ টকাত চুক্তিবদ্ধ হৈছিল৷ ২০২০ চনৰ ১ এপ্রিলৰ পৰা ২০২২ চনৰ ৩১ মার্চলৈ হোৱা এই চুক্তি অনুসৰি ঠিকাদাৰ সুন্দৰ নাথ মিশ্রই দুবছৰৰ বাবে গোপীনাথ বৰদলৈ ভৱনটো মেৰামতি আৰু চোৱা–চিতাৰ নামত প্রতিমাহে ৮ লাখকৈ টকা আদায় কৰি আহিছে৷

গোপীনাথ বৰদলৈ ভৱনটো মেৰামতি আৰু চোৱা–চিতাৰ নামত প্রতিমাহে ৮ লাখকৈ টকা ঠিকাদাৰ সুন্দৰ নাথ মিশ্রই আদায় লৈ আহিছে যদিও কার্যতঃ ভৱনটো মেৰামতি অৰু চোৱা–চিতা কৰা নাই বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷ অসম সচিবালয়ৰ গোপীনাথ বৰদলৈ ভৱনটো মেৰামতিৰ নামত প্রতিমাহে ৮ লাখ টকা আদায় লৈ অহাৰ পিছতো ভৱনটোত এতিয়াও সিঁচৰতি হৈ আছে পুৰণা আচবাবেৰে৷ ভৱনটোৰ বাগিচা চোৱা–চিতাৰ নামতো ঠিকাদাৰ সুন্দৰ নাথ মিশ্রই চুক্তি অনুসৰি টকা আদায় লৈছে যদিও ভৱনটোৰ ক’তো এটাও ফুলৰ টাবো দেখিবলৈ পোৱা নাযায়৷

গোপীনাথ বৰদলৈ ভৱনটোত এবাৰ সোমালেই ভৱনটোৰ মেৰামতি আৰু চোৱা–চিতাৰ নামত প্রতিমাহে মিছা কথাতে ৮ লাখকৈ টকা ঠিকাদাৰী প্রতিষ্ঠানটোৱে সৰকাই আহিছে সেই কথা প্রমাণিত হয়৷ গোপীনাথ বৰদলৈ ভৱনৰ য’তে–ত’তে সিঁচৰতি হৈ থকা পুৰণা ফাইল, আচবাব অৰু ভৱনটোৰ পৰা প্রতিদিনে ওলোৱা আৱর্জনাই প্রমাণিত কৰে অসম সচিবালয়ৰ গোপীনাথ বৰদলৈ ভৱনটো মেৰামতিৰ নামত ঠিকাদাৰ সুন্দৰ নাথ মিশ্রই চলাই অহা লুণ্ঠনৰ অকথিত কাহিনী৷ গোপীনাথ বৰদলৈ ভৱন মেৰামতিৰ নামত প্রতিমাহে ৮ লাখকৈ টকা লুণ্ঠন চলাই অহা ঠিকাদাৰ সুন্দৰ নাথ মিশ্রৰ বিৰুদ্ধে তদন্ত কৰিলেই সকলো তথ্য পোহৰলৈ আহিব৷ সুন্দৰ নাথ মিশ্রৰ বিৰুদ্ধে অসম সচিবালয় কর্তৃপক্ষই কি ব্যৱস্থা গ্রহণ কৰে সেয়া হ’ব লক্ষণীয়৷

You might also like