নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰকাৰৰ অনুমতি পালেই মুকলি কৰিব মহানগৰীৰ পার্ক

নিয়মীয়া বাৰ্তা ১০ জুনঃ বিশ্বজুৰি মহামাৰীৰ ৰূপ লোৱা ক’ভিড–১৯ৰ সংক্রমণ ৰোধৰ বাবে দেশজুৰি চলি আছে লকডাউন৷ যোৱা ২৪ মার্চৰ পৰা দেশজুৰি চলি থকা লকডাউনৰ পৰিপ্রেক্ষিতত ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীৰ পার্কসমূহ বন্ধ হৈ আছে৷ বিগত দুটা মাহ ধৰি বন্ধ হৈ থকাৰ ফলত ঘাঁহ, বন, আৱর্জনাৰে ভৰি পৰিছে পার্কসমূহ৷ লকডাউন ৫.০ত কিছু শিথিলতা আনি কেন্দ্রীয় চৰকাৰে দোকান–পোহাৰ, শ্বপিংমল, মঠ–মন্দিৰকে ধৰি ধর্মীয় অনুষ্ঠানসমূহ খোলাৰ নির্দেশনা জাৰি কৰিছে৷ অৱসৰ বিনোদনৰ কেন্দ্র হিচাপে পৰিচিত পার্কসমূহ খোলাৰ ক্ষেত্রত এতিয়ালৈকে চৰকাৰে কোনো নির্দেশনা জাৰি কৰা নাই৷ বিশেষকৈ গুৱাহাটী মহানগৰীস্থিত শ্রদ্ধাঞ্জলি কানন, নেহৰু পার্ক, তৰুণৰাম ফুকন পার্ক, শংকৰদেৱ উদ্যান, দীঘলীপুখুৰী, সতী ৰাধিকা পার্ক, মহাবীৰ উদ্যানকে ধৰি সৰু–বৰ প্রায় ২০খন পার্ক ঘাঁহ, বন, আৱর্জনাৰে ভৰি পৰা পৰিলক্ষিত হৈছে৷ গুৱাহাটী মহানগৰ উন্নয়ন প্রাধিকাৰীৰ অধীনত থকা শ্রদ্ধাঞ্জলি কানন, নেহৰু পার্ক, তৰুণৰাম ফুকন পার্ক, শংকৰদেৱ উদ্যান, শৰাইঘাট ৱাৰ মেম’ৰিয়েল, শুৱালকুছিৰ বস্ত্র উদ্যান যোৱা ১ জুনৰ পৰা জিএমডিএৰ কর্মচাৰীয়ে চাফ–চিকুণ কৰাত ব্যস্ত হৈছে পৰিছে৷ ইফালে, অসম পর্যটন নিগমৰ অধীনত থকা দীঘলীপুখুৰী আৰু সতী ৰাধিকা পার্কো পৰিষ্কাৰ কৰিছে বিভাগীয় কর্তৃপক্ষই৷ গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত সৰু–বৰ ২০খন পার্ক স্থানীয় উন্নয়ন সমিতিসমূহৰ সহযোগত চাফ–চিকুণ কৰি থকা হৈছে বুলিও জিএমডিএৰ এক শীর্ষ সূত্রই সদৰী কৰিছে৷ লক্ষণীয় যে জিএমডিএৰ অধীনত থকা এই পার্ককেইখনৰ পৰা প্রতিমাহে ৮ লাখ টকাৰ কৰ সংগ্রহ হয়৷ লকডাউনৰ ফলত বিগত আঢ়ৈমাহ ধৰি পার্ককেইখন বন্ধ হৈ থকাত জিএমডিএৰ পুঁজিৰে এতিয়া চাফ–চিকুণ কৰি পার্ককেইখন আটক ধুনীয়াকৈ অৱসৰ বিনোদনৰ কেন্দ্র হিচাপে পুনৰ গঢ়ি তুলিবলৈ প্রচেষ্টা অব্যাহত ৰাখিছে৷ চৰকাৰে পার্কসমূহ খোলাৰ নির্দেশ জাৰি কৰিলে অৱসৰ বিনোদনৰ বাবে পার্কসমূহ পুনৰ মুকলি কৰি দিয়া হ’ব বুলি জিএমডিএ কর্তৃপক্ষই জানিবলৈ দিছে৷ লক্ষণীয় যে বিগত দুমাহ ধৰি বন্ধ হৈ থকাত পার্কসমূহত থকা বহু বিনোদনৰ সামগ্রীও জহি–খহি গৈছে৷

You might also like