গুৱাহাটী ক্লাবৰ ৰটাৰীত আপৰ প্রতিবাদী কার্যসূচী
নিয়মীয়া বাৰ্তা ১০ জুনঃ ক’ৰোনা ভাইৰাছ সংক্রমণৰ বাবে চলি থকা লকডাউনৰ মাজতে সমগ্র ৰাজ্যৰ লগতে মহানগৰীৰ অত্যাৱশ্যকীয় খাদ্যসামগ্রীৰ মূল্যবৃদ্ধি হোৱাৰ বিৰুদ্ধে গৰজি উঠিছে আম আদমী পার্টী চমুকৈ আপে৷ আজি আপৰ ৰাজ্যিক সমিতিয়ে গুৱাহাটী ক্লাবৰ ৰটাৰীত মল্যবৃদ্ধিৰ বিৰুদ্ধে এক প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰে৷ এই প্রতিবাদী কার্যসূচীত দলটোৰ শতাধিক নেতা–কর্মী উপস্থিত হৈ হাতে হাতে বেনাৰ–প্লে কার্ড লৈ প্রতিবাদ সাব্যস্ত কৰে৷ প্রতিবাদী কার্যসূচীত অংশগ্রহণ কৰি সম্পাদক বনদীপ দত্তই কয় যে লকডাউনৰ বাবে ৰাজ্যত সাধাৰণ ৰাইজ আর্থিকভাৱে জুৰুলা হৈ পৰিছে৷ অসম চৰকাৰৰ যোগান বিভাগে মূল্যবৃদ্ধি নিয়ন্ত্রণ কৰাত ব্যর্থ হোৱা বুলি অভিযোগ উত্থাপন কৰি শীঘ্রে এইক্ষেত্রত বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ চৰকাৰক আহ্বান জনায়৷ আজি প্রতিবাদী কার্যসূচীত সমন্বয়ক বলেন চৌধুৰী আৰু যুটীয়া সমন্বয়ক আব্দুল ৱাহিদকে ধৰি দলটোৰ বহু নেতা–কর্মীয়ে অংশগ্রহণ কৰে৷