নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী প্রেছ ক্লাবত মিতা শর্মাৰ গল্পপুথি ‘কুৰঙ্গম কুন্থন’ উন্মোচন মৃণালিনী দেৱীৰ

ঐক্য–সংহতিৰ কাম কৰা লেখকসকল সমাজৰ ৰূপকাৰ

নিয়মীয়া বাৰ্তা ২৯ ডিচেম্বৰঃ ‘বৌদ্ধিক চর্চা অক্ষুণ্ণ ৰখা একাংশ মানুহৰ শুভ চিন্তাই সমাজখনক সদায়ে এক নতুন প্রত্যয়ৰে চাবলৈ শিকাই আহিছে৷ সেয়েহে এনে বৌদ্ধিক, সামাজিক ঐক্য আৰু সংহতিৰ বাবে কাম কৰা এই লেখকসকলক আমি নিঃসন্দেহে নতুন সমাজৰ একোজন ৰূপকাৰ বুলি ক’ব পাৰোঁ আৰু তেওঁলোকৰমৌলিক গ্রন্থৰাজিক আমি নিঃসন্দেহে ক’ব লাগিব সমাজৰ আত্মা বুলি৷ মঙলবাৰে গুৱাহাটী প্রেছ ক্লাবত ভাষা প্রকাশনৰ দ্বাৰা প্রকাশিত আৰু মৰিগাঁৱৰ লেখিকা তথা গ্রাহক সুৰক্ষা কর্মী মিতা শর্মাৰ ‘কুৰঙ্গম কুন্থন’ শীর্ষক গল্প পুথি এখন উন্মোচন কৰি এই বক্তব্য আগবঢ়ায় অসম সাহিত্য সভাৰ উপ–সভাপতি মৃণালিনী দেৱীয়ে৷

ভাষণ প্রসংগত উপ–সভানেত্রীগৰাকী অসম সাহিত্য সভাৰ বিভিন্ন ত্রুটি–বিচ্যুতি সম্পর্কতো নাতিদীর্ঘ ভাষণ দি সাহিত্য সভাৰ মর্যাদা অক্ষুণ্ণ ৰখাত গুৰুত্ব আৰোপ কৰে৷ গ্রন্থ উন্মোচনী অনুষ্ঠানত বুদ্ধিজীৱী ড০ দয়ানন্দ পাঠক, সাহিত্য অকাডেমি বঁটাপ্রাপক জয়ন্ত মাধৱ বৰা আৰু বিশিষ্ট প্রাবন্ধিক মিলেশ্বৰ পাটৰে অংশগ্রহণ কৰি গল্প সম্পর্কত বিভিন্ন মতামত দাঙি ধৰি লেখিকাগৰাকীক অভিনন্দন জনায়৷ এই অনুষ্ঠাত ভিন্ন প্রান্তৰ পৰা অহা সাহিত্যকর্মীসকলৰ উপস্থিতিত সভাৰ আৰম্ভণিতে ‘হেমকোষ’ত বন্তি প্রজ্বলন কৰি সভাৰ শুভাৰম্ভ কৰা কার্যক সকলো বিশিষ্ট লোকে এক অনবদ্য আৰু অনন্য কার্যসূচী বুলি মন্তব্য কৰাৰ লগতে এই পৰম্পৰা আগুৱাই নিবলৈ আহ্বান জনায়৷

অন্তৰা নেওগৰ দ্বাৰা পৰিৱেশিত বৰগীতেৰে অভ্যাগতসকলক আদৰণি জনোৱা হয়৷ ড০ দয়ানন্দ পাঠকে গ্রন্থখনে নতুন চামক আকর্ষিত কৰিবলৈ সক্ষম হ’ব বুলি মত প্রকাশ কৰে৷ একেদৰে বিশিষ্ট সাহিত্যিক জয়ন্ত মাধৱ বৰাই মিতা শর্মাৰ গল্পই অনাগত দিনত এক নতুন মাত্রা লাভ কৰিব বুলি আশা প্রকাশ কৰে৷ সভাত ভাষা প্রকাশনৰ অধ্যক্ষ মুকুট শর্মায়ো নিজৰ বক্তব্য প্রদান কৰি সাহিত্য সমাজৰ দাপোণ বুলি মত প্রকাশ কৰি সাহিত্য–কর্মইহে নতুন অসম গঢ়াত ভূমিকা ল’ব পাৰে বুলি উল্লেখ কৰে৷ এই গ্রন্থ উন্মোচনী সভাত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি লেখকৰ এই প্রচেষ্টাক আদৰণি জনায়৷ এই গ্রন্থখনwww.vashapublication.inত উপলব্ধ বুলিও প্রকাশন গোষ্ঠীয়ে জানিবলৈ দিয়ে৷ লগতে অসম গ্রন্থ মেলাৰ ভাষা প্রকাশনৰ বিপণীত গ্রন্থখন ডপলব্ধ হ’ব বুলিও প্রকাশকে জানিবলৈ দিয়ে৷ সভাত শলাগৰ শৰাই আগবঢ়ায় সিদ্ধার্থ শংকৰ কলিতাই৷

You might also like