নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী প্রেছ ক্লাবত বিশ্ব আলোকচিত্র দিৱস উদযাপন

সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ এশখন আলোকচিত্র প্রদর্শন

নিয়মীয়া বাৰ্তা, ২০ আগষ্ট: অসম ফটো সাংবাদিক সন্থাই বুধবাৰে গুৱাহাটী প্রেছ ক্লাবত বিশ্ব আলোকচিত্র দিৱস উদ্যাপন কৰে৷ এই দিৱস উপলক্ষে সন্থাটোৱে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ১০০খন আলোকচিত্রৰ প্রদর্শনী অনুষ্ঠিত কৰে৷ সুধাকণ্ঠৰ বিভিন্ন সময়ৰ বিভিন্ন প’জৰ দুর্লভ আলোকচিত্রৰে অনুষ্ঠিত কৰা প্রদর্শনীখন মুকলি কৰে শিল্পী মনীষা হাজৰিকাই৷ দিৱসৰ সৈতে সংগতি ৰাখি সন্থাই এখন সভা অনুষ্ঠিত কৰে৷ সভাত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰে মনীষা হাজৰিকা আৰু জ্যেষ্ঠ অধিবক্তা বিজন মহাজনে৷

গুৱাহাটী প্রেছ ক্লাবৰ সাধাৰণ সম্পাদক সঞ্জয় ৰায়ে কয় যে ফটো সাংবাদিকসকলৰ সুবিধার্থে অহা ডিচেম্বৰৰ ভিতৰত অসম আন্দোলনৰ সময়ৰ নির্বাচিত ফটোৰ লগতে মণিপুৰৰ কিছু অত্যন্ত স্পর্শকাতৰ সময়ৰ ফটোৰে এখন তথ্যচিত্র নির্মাণ কৰা হ’ব৷ কালি গুৱাহাটী প্রেছ ক্লাবে ফটো সাংবাদিকৰ বাবে প্রস্তুত কৰা টি ছার্টো মুকলি কৰে৷ সভাত প্রেছ ক্লাবৰ সভাপতি মনোজ কুমাৰ নাথ, জ্যেষ্ঠ ফটো সাংবাদিক উৎপল বৰুৱা, অনুপম নাথ আদিয়েও মন্তব্য আগবঢ়ায়৷ সন্থাৰ সম্পাদক ৰেৱ কুমাৰ বৰাই আদৰণী ভাষণ দিয়াৰ বিপৰীতে সভাপতি চিন্ময় ৰয়ে শলাগৰ শৰাই আগবঢ়ায়৷ সভাখনৰ আঁত ধৰে সাংবাদিক নূপুৰ বৰুৱাই৷ সভাৰ পূর্বে অনুষ্ঠানত সকলোকে আদৰণি জনায় সন্থাৰ সম্পাদক ৰেৱ কুমাৰ বৰাই৷

 

You might also like