আবর্জনাৰে ভৰিছে মহানগৰীৰ ৰাজপথ
গুৱাহাটী পৌৰ নিগমৰ দায়িত্বজ্ঞানহীনতাঃ ৪ দিন ধৰি সংগ্রহ কৰা নাই জাৱৰ
নিয়মীয়া বাৰ্তা ৯ এপ্ৰিলঃ গুৱাহাটী পৌৰ নিগম কর্তৃপক্ষৰ দায়িত্বজ্ঞানহীনতাৰ বাবেই মহানগৰীৰ পথ–উপপথত আবর্জনাৰ দ’ম বান্ধিছে৷ পৌৰ নিগম কর্তৃপক্ষৰ চূড়ান্ত গাফিলতিৰ বাবেই বিগত ৪ দিন ধৰি ঘৰে ঘৰে গৈ আবর্জনা সংগ্রহ কৰা নাই দায়িত্বত থকা এনজি’সমূহে৷ পৌৰ নিগম কর্তৃপক্ষৰ অৱহেলাৰ বাবেই বিগত চাৰিদিন ধৰি মহানগৰীৰ বিভিন্ন পথ–উপপথত থকা আবর্জনাৰ দ’মে পুতিগন্ধময় পৰিৱেশৰ সৃষ্টি কৰিছে৷ সদাব্যস্ত জিএছৰোড, এমজি ৰোড, আৰ জি বৰুৱা ৰোডকে ধৰি অন্যান্য পথ আৰু উপ–পথসমূহত দৃষ্টিকটুভাৱে আবর্জনাৰ দ’ম পৰি ৰৈছে৷ পৌৰ নিগমৰ বিষয়া–কর্মচাৰীৰ দায়িত্বজ্ঞানহীনতাৰ বাবেই উত্তৰ–পূবৰ দুৱাৰমুখস্বৰূপ গুৱাহাটী মহানগৰীত স্বচ্ছ ভাৰত অভিযান প্রহসনত পৰিণত হৈছে৷
যোৱা ৬ এপ্রিলত অনুষ্ঠিত তৃতীয় তথা অন্তিম পর্যায়ৰ নির্বাচনত দায়িত্ব পালন আৰু জাৱৰ সংগ্রহ কৰা একাংশ লোকে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ৫ এপ্রিলত নিজৰ নিজৰ গাঁৱলৈ যোৱাৰ বাবেই বিগত ৪টা দিন ধৰি মহানগৰীৰ পথ–উপপথত থকা আবর্জনা পৰিষ্কাৰ নকৰাৰ ফলতে জাৱৰৰ দ’মেৰে ভৰি পৰিছে৷ ইয়াৰোপৰি আবর্জনা সংগ্রহৰ দায়িত্বত থকা এনজি’সমূহেও নির্বাচনৰ দোহাই দি বিগত ৪ দিন ধৰি ঘৰে ঘৰে গৈ আবর্জনা সংগ্রহ কৰা নাই৷ গুৱাহাটীৰ দৰে এখন মহানগৰীৰ পৰা চাৰিদিন ধৰি আবর্জনা সংগ্রহ নকৰাৰ ফলত এক অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি হৈছে৷ উল্লেখ্য যে গুৱাহাটী মহানগৰীত প্রতিদিনে প্রায় ৫০০ টন আবর্জনা ওলায়৷ বিগত ৪ দিন ধৰি পৌৰ নিগম কর্তৃপক্ষই আবর্জনা সংগ্রহ নকৰাৰ ফলত মহানগৰীখনৰ পথ–উপপথকে ধৰি অলিয়ে–গলিয়ে পৰি থকা জাৱৰৰ দ’মে মহানগৰীৰ সৌন্দর্য ম্লান কৰিছে৷