গুৱাহাটীত কিন্নৰৰ বৃহৎ ছিণ্ডিকেট পুনৰ দুজনক গ্রেপ্তাৰ পাণবজাৰ মহিলা আৰক্ষীৰ
নিয়মীয়া বাৰ্তা ১৫ জুলাইঃ ৰাজ্যত মানৱ অংগৰ ক’লা ব্যৱসায় চলি থকাৰ ন ন তথ্য পোহৰলৈ অহাৰ মাজতে কিন্নৰ ছিণ্ডিকেটৰ আন এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে৷ দিল্লীৰ পৰা নিয়ন্ত্রিত এটা চক্রই গুৱাহাটীত বাহৰ পাতি অসম তথা উত্তৰ–পূর্বাঞ্চলত নির্বিঘ্ণে চলাই আহিছে কিন্নৰ ৰেকেট৷ গুৱাহাটীকে ধৰি নামনি আৰু উজনি অসমৰ বিভিন্ন জিলাৰ দৰিদ্র পৰিয়ালৰ একাংশ শিশু টার্গেট হৈ পৰিছে কিন্নৰ ৰেকেট চক্রৰ৷ একাংশ দৰিদ্র পৰিয়ালৰ শিশু তথা পুৰুষক বিভিন্ন প্রলোভনেৰে দিল্লীলৈ নি লিংগ পৰিৱর্তন কৰাই দুষ্টচক্রই কিন্নৰ সজাইছে৷
গুৱাহাটী মহানগৰীকে ধৰি দেশৰ বিভিন্ন প্রান্তৰ ৰে’ল ষ্টচনত এইসকল কিন্নৰক ভিক্ষাবৃত্তিত নমাই দুষ্টচক্রই হাজাৰ হাজাৰ টকা কমিছন সংগ্রহ কৰি সম্পত্তিৰ পাহাৰ গঢ়াৰ অভিযোগ উঠিছে৷ এই সন্দর্ভত অধিবক্তা বিধান বৰুৱাৰ অভিযোগৰ ভিত্তিত পাণবজাৰ মহিলা আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি ইতিমধ্যে ছজন কিন্নৰক গ্রেপ্তাৰ কৰি সোধা–পোছাৰ অন্তত আজি পুনৰ দুজন কিন্নৰক গ্রেপ্তাৰ কৰে৷
ইয়াৰে মূল অভিযুক্ত পিংকী, স্বাতী আৰু চাহেবাক আৰক্ষীয়ে গ্রেপ্তাৰ কৰি আদালতত হাজিৰ কৰোৱাত আদালতে পুনৰ তিনি দিনৰ বাবে আৰক্ষীৰ জিন্মালৈ প্রেৰণ কৰে৷ সম্প্রতি অভিযুক্ত কিন্নৰকেইটাক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে৷
প্রাপ্ত খবৰ মতে, পিংকী, আৰিফ আৰু চাহেবা নামৰ কিন্নৰকেইটাৰ নেতৃত্বত গুৱাহাটীত এক বৃহৎ কিন্নৰৰ ছিণ্ডিকেট চক্র গঢ়ি উঠিছে৷ চক্রটোৱে দৰিদ্র পৰিয়ালৰ শিশু আৰু পুৰুষক বিভিন্ন প্রলোভনেৰে লিংগ পৰিৱর্তন কৰাই ভিক্ষাবৃত্তিৰ লগতে অসামাজিক কার্যকলাপত লিপ্ত কৰোৱাৰ অভিযোগ উত্থাপন হৈছে৷ ঘটনা সন্দর্ভত পাণবজাৰ মহিলা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷ কিন্তু এই বৃহৎ চক্রটোৰ লগত কোন কোন জড়িত আছে আৰু দিল্লীৰ কোন হাস্পতালত এইসকল দৰিদ্র পৰিয়ালৰ শিশুক লিংগ পৰিৱর্তন কৰোৱা হয় সেই সন্দর্ভত আৰক্ষীয়ে মুখ খোলা নাই৷ অৱশ্যে তদন্তৰ পাছত সকলো তথ্য পোহৰলৈ আহিব বুলি আৰক্ষী সূত্রত প্রকাশ৷