গুৱাহাটীত SBIৰ কৰ্মচাৰীৰ দেহত ক’ৰোনা ভাইৰাছ
নিয়মীয়া বাৰ্তা, ২৪ জুনঃ চিকিৎসক-আৰক্ষীৰ পাছত এইবাৰ বেংকৰ কৰ্মচাৰীৰ শৰীৰত ক’ৰোনা ভাইৰাছ। লক ডাউনৰ সময়তো খোলা ৰখা হৈছিল বেংক। শেহতীয়াকৈ ক’ৰোনাত আক্ৰান্ত হৈছে বেংক কৰ্মচাৰী। মহানগৰীৰ ফাঁচী বজাৰৰ SBIৰ সান্ধ্য শাখাৰ কৰ্মচাৰী ক’ৰোনাত আক্ৰান্ত। স্বোৱাব টেষ্টত কৰ্মচাৰীজনৰ ফলাফল পজিটিভ অহাত আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়। ইতিমধ্যে মহানগৰীৰ ফাঁচী বজাৰৰ SBIৰ সান্ধ্য শাখা অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিয়া হৈছে। বেংকটোৰ এজন কৰ্মচাৰী আক্ৰান্ত হোৱাৰ পাছতে কৰ্মচাৰীসকলক কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হৈছে।
আনহাতে মহানগৰীৰ লখৰাৰ SBIৰ পেঞ্চন চেক প্ৰচেছিং চেণ্টাৰৰ ১৩জনকৈ কৰ্মচাৰীৰ শৰীৰত ক’ৰোনা ভাইৰাছ। ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে শাখাটো। এই শাখাটোৰো কৰ্মচাৰীসকলক কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হৈছে। আৰু অধিক লোক সংক্ৰমিত হোৱাৰো আংশকা কৰা হৈছে।