গুৱাহাটীৰ বনাঞ্চল–জলাশয় হ’ব বেদখলমুক্ত
নিয়মীয়া বার্তা, ২৪ জানুৱাৰীঃ গুৱাহাটী মহানগৰীৰ আশে–পাশে থকা পাহাৰ–বনাঞ্চল, জলাশয়ত একাংশই অবাধে বেদখল কৰি আহিছে৷ মহানগৰীৰ বনাঞ্চল আৰু জলাশয়সমূহ শীঘ্রে বেদখলমুক্ত কৰা হ’ব৷ এই ঘোষণা কৰিছে গুৱাহাটী মহানগৰ উন্নয়ন বিভাগৰ মন্ত্রী সিদ্ধার্থ ভট্টাচার্যই৷
কালি মাছখোৱাৰ প্রাগজ্যোতিষ সাংস্কৃতিক প্রকল্পত ভূমিপট্টা আৰু ভূমি আবণ্টন পত্র প্রদান কৰি মন্ত্রী সিদ্ধার্থ ভট্টাচার্যই সংবাদ মাধ্যমক কয় যে চৰকাৰী নীতি–নিয়ম ভংগ কৰি বনভূমি আৰু জলাশয় বেদখল কৰি বসবাস কৰা লোকসকলৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলোৱা হ’ব৷ ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নির্দেশমর্মে কামৰূপ মহানগৰ জিলা উপায়ুক্তই গুৱাহাটীৰ আশে–পাশে থকা পাহাৰ–বনাঞ্চল আৰু জলাশয় বেদখল সন্দর্ভত জৰীপ আৰম্ভ কৰিছে৷
এই জৰীপত চৰকাৰী ভূমি, বনাঞ্চল, জলাশয় আদিত বেদখলৰ তথ্য পোহৰলৈ আহিলে বেদখলকাৰীক উচ্ছেদ কৰাৰ লগতে আইনগত ব্যৱস্থা লোৱা হ’ব বুলি মন্ত্রী সিদ্ধার্থ ভট্টাচার্যই স্পষ্ট কৰি দিয়ে৷ লক্ষণীয় যে গুৱাহাটী মহানগৰীৰ আমচাং অভয়াৰণ্য, গড়ভাঙা বনাঞ্চল, ফটাশিল আমবাৰী, চূণচালি, আদিংগিৰি, হেঙেৰাবাৰীৰ পাহাৰত দীর্ঘদিন ধৰি একাংশ ভূ–মাফিয়াই বেদখল কৰি আহিছে৷
ইয়াৰ উপৰি শিলসাঁকো বিল, বৰচলা বিল, পক্ষী অভয়াৰণ্য দীপৰ বিলকে ধৰি মহানগৰীৰ ভিতৰত থকা কেইবাটাও জলাশয়ত একাংশ লোকে বেদখল কৰি আহিছে৷ বিশেষকৈ শিলসাঁকো আৰু দীপৰ বিলৰ ভূমি ৰাজনৈতিক আশিসপুষ্ট একাংশ অনা–অসমীয়া বিল্ডাৰ আৰু প্রভাৱশালী আৰক্ষী বিষয়াই বেদখল কৰি আছে৷
মন্ত্রী সিদ্ধার্থ ভট্টাচার্যই বনাঞ্চল আৰু জলাশয়ৰ ভূমি বেদখলমুক্ত কৰা হ’ব বুলি ঘোষণা কৰিলেও এয়া কার্যক্ষেত্রত কিমান সফল হ’ব সেয়া সময়তহে লক্ষণীয় হ’ব৷