নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাতীগাঁৱত ড্রাগ্ছসহ ধৃত বহিঃৰাজ্যৰ ৪ যুৱক

নিয়মীয়া বাৰ্তা ৫ মাৰ্চঃ সমাগত অসম বিধানসভা নির্বাচনৰ প্রাক্মুহূর্তত আন্তঃৰাষ্ট্রীয় ড্রাগ্ছ চক্রই গুৱাহাটীত বাহৰ পাতি উত্তৰ–পূর্বাঞ্চলৰ পৰা নিতৌ বহিঃৰাজ্যলৈ লাখ লাখ টকাৰ নিষিদ্ধ ড্রাগ্ছ সৰবৰাহ কৰি আহিছে৷ আৰক্ষী–নিৰাপত্তাৰক্ষ্ নির্লিপ্ততাৰ সুযোগ গ্রহণ কৰি আন্তঃৰাষ্ট্রীয় অপৰাধী চক্রই বিশেষ কৌশল অৱলম্বন কৰি ৰে’ল আৰু বিমানযোগে বহিঃৰাজ্যলৈ লাখ লাখ টকাৰ নিষিদ্ধ ড্রাগ্ছ আৰু চোৰাং সামগ্রী সৰবৰাহ কৰি আহিছে৷ মহানগৰীৰ হাতীগাঁৱত আজি অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই আছাম ৰাইফলছ, চোৰাংচোৱা সংস্থা আৰু হাতীগাঁও আৰক্ষীৰ সহযোগত গোপন সূত্রৰ ভিত্তিত অভিযান চলাই আজি বৃহৎ পৰিমাণৰ ড্রাগ্ছ, নিষিদ্ধ কফ ছিৰাপ, নগদ ধন আৰু নিচাজাতীয় টেবলেটসহ বহিঃৰাজ্যৰ চাৰি ড্রাগ্ছ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰে৷ আৰক্ষী অপৰাধ অনুসন্ধান শাখাৰ অভিযানকাৰী দলটোৱে গোপন সূত্রৰ ভিত্তিত হাতীগাঁও শাখাৰ অন্তর্গত শংকৰ–আজান পথৰ ৰমিছ উদ্দিন নামৰ লোকজনৰ ভাৰাঘৰত অতর্কিতে অভিযান চলাই গ্রেপ্তাৰ কৰা ড্রাগ্ছ সৰবৰাহকাৰীকেইজন্ হৈছে ক্রমে চুবুৰীয়া ৰাজ্য মণিপুৰৰ থাওবাল জিলাৰ লিলঙৰ বাসিন্দা মহছিন খান (৩২), লেইকাইৰ মহম্মদ মুস্তাকিন (২৩), থাওবাল জিলাৰ লিলঙৰ ডব্লিউ এম টালহা (১৮) আৰু থাওবাল জিলাৰ মাখাই লেইকাই ৰমেশ উদ্দিন (৩২) বুলি জানিব পৰা গৈছে৷

আৰক্ষী অভিযানকাৰী দলটোৱে ধৃত ড্রাগ্ছ সৰবৰাহকাৰীকেইটাৰ্ পৰা ২৬ গ্রাম হেৰ’ইনভর্তি দুটা প্লাষ্টিকৰ পেকেট, ৫ কিলোগ্রাম ডব্লিউ ৱাই টেবলেট, ৬টা কফ ছিৰাপ, কেইবাটাও ম’বাইল ফোন, এটিএম কার্ড আৰু এ এছ–০১ ডি এফ–৮৭১৪ নম্বৰৰ এখন স্কুটীৰ লগতে নগদ ৯,২০০ টকাসহ অন্যান্য বহু আপত্তিজনক সামগ্রী জব্দ কৰিবলৈ সক্ষম হয়৷ আৰক্ষী সূত্রই জনোৱা মতে ধৃত ড্রাগ্ছ সৰবৰাহকাৰীকেইজন্ হাতীগাঁৱৰ অজন্তা পথৰ ভাৰাঘৰত আশ্রয় লৈ দীর্ঘদিন ধৰি মণিপুৰ, ম্যানমাৰ, নাগালেণ্ড আৰু ডিমাপুৰৰ পৰা বহিঃৰাজ্যলৈ লাখ লাখ টকাৰ ড্রাগ্ছ সৰবৰাহ কৰি আহিছে৷ আৰক্ষীয়ে গোপন সূত্রৰ পম খেদি আজি হাতীগাঁৱৰ অজন্তা পথৰ ভাৰাঘৰত অভিযান চলাই ড্রাগ্ছ সৰবৰাহকাৰীকেইটাক্ হাতে–লোটে কৰায়ত্ত কৰাৰ লগতে উক্ত ড্রাগ্ছ আৰু আপত্তিজনক সামগ্রী জব্দ কৰে৷ ঘটনা সন্দর্ভত আৰক্ষীয়ে হাতীগাঁও থানাত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷ উল্লেখ্য যে আৰক্ষীয়ে গ্রেপ্তাৰ কৰা মহম্মদ মুস্তাকিন নামৰ যুৱকজনক পূর্বেও ড্রাগ্ছ সৰবৰাহৰ অভিযোগত গ্রেপ্তাৰ কৰি জে’ল–হাজোতলৈ প্রেৰণ কৰিছিল৷ মণিপুৰৰ পৰা গুৱাহাটীৰ ভাৰাঘৰত আশ্রয় লৈ ড্রাগ্ছ সৰবৰাহকাৰী চক্রটোৱে অন্যান্য অপৰাধজনিত ঘটনাৰ সৈতেও জড়িত থকাৰ সন্দেহ প্রকাশ কৰিছে আৰক্ষীয়ে৷ অৱশ্যে তদন্তৰ পাছতহে সঠিক তথ্য পোহৰলৈ আহিব বুলি আৰক্ষী সূত্রই জানিবলৈ দিছে৷

You might also like