ঘৰতে কেক প্রস্তুতেৰে স্বাৱলম্বী আজাৰাৰ ছাত্রী নীহাৰিকা
লকডাউন–আনলকত শিক্ষানুষ্ঠান বন্ধঃ সময়ৰ সদ্ব্যৱহাৰেৰে নিদর্শন
নিয়মীয়া বাৰ্তা ৩১ আগষ্টঃ ক’ভিডৰ সংক্রমণ ৰোধৰ বাবে মার্চ মাহৰ মাজভাগৰ পৰা দেশজুৰি চলি থকা লকডাউন আৰু আনলকে কেইবাটাও পর্যায় পাৰ হৈ ইতিমধ্যে চাৰে পাঁচ মাহ অতিক্রম কৰিছে৷ এই সময়ছোৱাত বহুক্ষেত্রত শিথিলতা দিলেও প্রাথমিকৰ পৰা বিশ্ববিদ্যালয় পর্যায়লৈকে চৰকাৰী–বেচৰকাৰী সকলো ধৰণৰ শিক্ষা প্রতিষ্ঠান বন্ধ হৈ আছে৷ ইয়াৰ মাজতে সময়ৰ সদ্ব্যৱহাৰ কৰি একাংশ ছাত্র–ছাত্রী নানা ধৰণৰ সৃজনীমূলক কাম–কাজত জড়িত হৈ বহুতৰে দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে৷ তেনে এগৰাকী ছাত্রী হ’ল পশ্চিম গুৱাহাটীৰ আজাৰা থানাৰ অন্তর্গত পূব মাজিৰগাঁৱৰ হাতীপাৰা লক্ষ্মীপথৰ নীহাৰিকা চৌধুৰী৷ মির্জাৰ দক্ষিণ কামৰূপ মহাবিদ্যালয়ত স্নাতক কলাৰ চূড়ান্ত বর্ষ তথা ষষ্ঠ ষান্মাসিকৰ ছাত্রী নীহাৰিকাই এপ্রিল মাহৰ পৰা কেক বনোৱা কাম আৰম্ভ কৰে৷ কিন্তু সমান্তৰালভাৱে ঘৰৰ ওচৰ–পাঁজৰৰ লোককো সেই কেকৰ সোৱাদ দিয়াত ওচৰ–পাঁজৰৰ আৰু পিছত বৃহত্তৰ অঞ্চলটোত নীহাৰিকাই বনোৱা কেকৰ সোৱাদ বিয়পি পৰে৷ ইফালে, লকডাউনৰ বাবে বেকাৰীসমূহ বন্ধ থকাত পূব মাজিৰগাঁৱকে ধৰি কাষৰীয়া অঞ্চলৰ লোকসকলে জন্মদিন বা আন মাংগলিক উৎসৱৰ বাবে প্রয়োজন হোৱা কেক বিচাৰি নীহাৰিকাৰ ওচৰত ভিৰ কৰিবলৈ আৰম্ভ কৰে৷ এই সন্দর্ভত জানিবলৈ দিয়া মতে গ্রাহকৰ অর্ডাৰ অনুসৰি ময়দা আৰু ফলেৰে বিভিন্ন ধৰণৰ ২৫০ গ্রামৰ পৰা এক কেজি ওজন পর্যন্ত কেক প্রস্তুত কৰি আহিছে৷ বিগত এপ্রিল মাহৰ পৰা অর্ডাৰ অনুসৰি কেক প্রস্তুত কৰি পাঁচটা মাহত কিছু টকা উপার্জন কৰা বুলিও নীহাৰিকাই সদৰী কৰিছে৷ লকডাউনত শিক্ষানুষ্ঠান বন্ধ হৈ থকা সময়খিনিৰ সদ্ব্যৱহাৰ কৰি পিতৃ–মাতৃ আৰু ভাতৃৰ সহযোগত কেক প্রস্তুত কৰি গ্রাহক ৰাইজৰ মন জয় কৰাৰ লগতে দুপইচা অর্জন কৰা বিষয়টোৱে মনত যথেষ্ট আনন্দ দিয়া বুলি নীহাৰিকাই সদৰী কৰিছে৷