নিয়মীয়া বাৰ্তা ৬ ছেপ্টেম্বৰঃ গুৱাহাটীবাসীক সকাহ দি আগন্তুক এক বছৰৰ বাবে মহানগৰীত গাডী পার্কিঙৰ মাচুল ইতিমধ্যে ৰেহাই দিয়াৰ সিদ্ধান্ত লৈছে চৰকাৰে৷কিন্তু চৰকাৰৰ এই সিদ্ধান্তৰ পাছতে একাংশ অসচেতন লোকে মহানগৰীত গাডী পার্কিঙৰ নামত সৃষ্টি কৰিছে নৈৰাজ্য৷ মাচুল নোলোৱাৰ সুযোগ বুজি য’তে–ত’তে জি এছ ৰোডত পার্কিং কৰে চাৰিচকীয়া বাহন৷ ফলত সদাব্যস্ত জি এছ ৰোডত সৃষ্টি হৈছে অৰাজক পৰিস্থিতি৷
আনকি জধে–মধে পাকিং কৰাৰ ফলত সৃষ্টি হৈছে যান–জঁট৷ এতিয়াৰে পৰা এই অসুবিধা দূৰ কৰিবলৈ যান–বাহন আৰক্ষীয়ে লৈছে আন এক নতুন ব্যৱস্থা৷ গুৱাহাটীৰ জি এছ ৰোডত মহানগৰবাসীয়ে কৰিব নোৱাৰিব ডাবল পার্কিং৷
ইতিমধ্যে সমগ্র জি এছ ৰোডত পেৰেলেল পার্কিঙৰ ফলক আঁৰি দিছে যান–বাহন আৰক্ষীয়ে৷ কোনো লোকে এই পেৰেলেল পার্কিঙত ডাবল পার্কিং কৰিলে তেনে ব্যক্তিৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্রহণ কৰিব যান–বাহন আৰক্ষীয়ে৷ উল্লেখ্য যে পেৰেলেল পার্কিঙত মহানগৰবাসীয়ে চিধাকৈ ৰাখিব লাগিব নিজৰ নিজৰ বাহন৷ ইয়াৰ ব্যতিক্রম হ’লেই মহানগৰবাসীয়ে ভৰিব লাগিব ৫০০ৰ পৰা ২০০০ টকাৰ জৰিমনা৷ লক্ষণীয় যে আজিৰে পৰা সমগ্র জি এছ ৰোডত প্রযোজ্য হ’ব পেৰেলেল পার্কিং৷