নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাণীত আবদ্ধ হাতী পোৱালি চিৰিয়াখানালৈ

নিয়মীয়া বার্তা, ১৮ জুনঃ মহানগৰীৰ পশ্চিম প্রান্তৰ ৰাণী চাহ বাগিচাত কাষৰীয়া ৰাণী বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত জাকৰ সৈতে দেওবাৰে নিশা আহি আবদ্ধ হৈ পৰা পোৱালিটোক নিৰাপত্তাৰ দিশটোৰ প্রতি লক্ষ্য ৰাখি সোমবাৰে নিশা অসম ৰাজ্যিক চিৰিয়াখানালৈ প্রেৰণ কৰা হয়৷

ৰাণীৰ আঞ্চলিক বন বিষয়া মনোৰঞ্জন বর্মনে জানিবলৈ দিয়া মতে, আবদ্ধ হৈ পৰা হাতীটোক ওভতাই নিবলৈ বা বিচাৰি আহিবলৈ হাতীৰ জাকটো চাহ বাগিচালৈ আহিব বুলি ধাৰণা কৰি বনকর্মীৰ দলে নিশা ৯ বজালৈ অপেক্ষা কৰে৷ কিন্তু অৰণ্যৰ পৰা হাতীৰ জাকটো পোৱালিটো বিচাৰি নহাত ঊর্ধ্বতন কর্তৃপক্ষক বর্মনে বিষয়টো অৱগত কৰায়৷

অৱশেষত বন বিভাগৰ ঊর্ধ্বতন কর্তৃপক্ষই অসম ৰাজ্যিক চিৰিয়াখনাৰ চিকিৎসক সহিতে এটা দল নিশা ১০ বজাত ৰাণী চাহ বাগিচালৈ প্রেৰণ কৰি প্রায় তিনিমহীয়া মাইকী হাতী পোৱালিটো চিৰিয়াখানালৈ লৈ আনে৷

You might also like