গতিৰোধক–ছিগনেল লাইটৰ ব্যৱস্থাৰ নির্দেশ উপায়ুক্তৰ
নিয়মীয়া বাৰ্তা ২২ ডিচেম্বৰঃ কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা কমিটীৰ এখন গুৰুত্বপূর্ণ সভা আজি অনুষ্ঠিত হয়৷ জিলা উপায়ুক্তৰ কার্যালয়ত বিশ্বজিৎ পেগুৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত পথ দুর্ঘটনা ৰোধ কৰাৰ ক্ষেত্রত জিলা প্রশাসন, আৰক্ষী, পৰিবহণ, ৰাষ্ট্রীয় ঘাইপথ প্রাধিকাৰী আদি সংশ্লিষ্ট বিভাগসমূহে গ্রহণ কৰা ব্যৱস্থাৱলীৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হয়৷ সভাত উপায়ুক্ত বিশ্বজিৎ পেগুৱে মহানগৰীত উদ্বেগজনকভাৱে বৃদ্ধি পোৱা পথ দুর্ঘটনাৰ কাৰণসমূহ সঠিকভাৱে বিশ্লেষণ কৰি তাৰ বাবে প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰিবলৈ আহ্বান জনায়৷
চলিত বর্ষৰ জানুৱাৰী মাহৰ পৰা নৱেম্বৰ মাহলৈ মহানগৰীত সংঘটিত ৬১৫টা পথ দুর্ঘটনাত ১৮৯গৰাকী লোকে প্রাণ হেৰুৱাব লগা হৈছে৷ উপায়ুক্ত বিশ্বজিৎ পেগুৱে পথ দুর্ঘটনা ৰোধৰ বাবে কার্যকৰী ব্যৱস্থা ল’বলৈ জৰীপ চলাই পৰিকল্পনা প্রস্তুত কৰিবলৈ জিলা পৰিবহণ বিষয়াক নির্দেশ দিয়ে৷ যান–বাহন আইন উলংঘা কৰি মহানগৰীত চলাচল কৰা গাড়ীচালকৰ বিৰুদ্ধে বিভাগসমূহক কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈ নির্দেশ দিয়ে৷ সুৰাপায়ী চালক আৰু লাইচেন্স নথকা ১৮ বছৰৰ তলৰ চালকে মহানগৰীত সৃষ্টি কৰা সমস্যাৰ বিষয়েও সভাত আলোচনা কৰা হয়৷
আইন উলংঘাকাৰী এনে লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈ পৰিবহণ বিষয়াক উপায়ুক্ত পেগুৱে নির্দেশ দিয়ে৷ সভাত মহানগৰীত চলাচল কৰা ই–ৰিক্সাৰ বাবে প্রয়োজনীয় সংযোগী পথসমূহ নির্দিষ্ট কৰিবলৈ পৰিবহণ বিষয়াক নির্দেশ দিয়ে৷ পথ দুর্ঘটনা ৰোধৰ বাবে ছিগনেল লাইট, গতিৰোধক আৰু উপযুক্ত পোহৰৰ ব্যৱস্থাকে আদি কৰি অন্যান্য সতর্কতামূলক ব্যৱস্থাৱলী কার্যকৰী কৰিবলৈ উপায়ুক্তই নির্দেশ জাৰি কৰে৷ সভাত জিলা পৰিবহণ বিষয়া গৌতম দাস, অতিৰিক্ত উপায়ুক্ত চিন্ময় নাথৰ লগতে বিভিন্ন বিভাগৰ কেইবাগৰাকীও বিষয়া উপস্থিত থাকে৷