নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী পৌৰ নিগমৰ দায়িত্বজ্ঞানহীনতাঃ জিএমচিৰ বহু চর্চিত ফ্লায়িং স্কোৱাড অস্তিত্বহীন

নিয়মীয়া বাৰ্তা, ১২ ফেব্ৰুৱাৰীঃ গুৱাহাটী পৌৰ নিগম কর্তৃপক্ষৰ চূড়ান্ত দায়িত্বজ্ঞানহীনতাৰ বাবেই প্রহসনত পৰিণত হৈছে স্বচ্ছ ভাৰত আঁচনি৷ উত্তৰ–পূবৰ দুৱাৰমুখস্বৰূপ গুৱাহাটী মহানগৰীখন পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ লগতে সৌন্দর্যবর্ধনৰ বাবে বিভিন্ন আঁচনি গ্রহণ কৰা হৈছে৷ কিন্তু পৌৰ নিগম কর্তৃপক্ষৰ অদূৰদর্শিতা, দায়িত্বজ্ঞানহীনতাত মহানগৰীৰ পথ–উপপথত পূতিগন্ধময় আৱর্জনাৰে ভৰি পৰিছে৷ ৰাজধানী চহৰ গুৱাহাটীৰ ৰাজপথত দৃষ্টিকটুভাৱে পৰি থকা আৱর্জনাই পৰিৱেশ প্রদূষিত কৰাৰ লগতে মহানগৰীৰ সৌন্দর্য ম্লান কৰিছে৷

মহানগৰীৰ ৩১টা ৱার্ডত ঘৰে ঘৰে গৈ আৱর্জনা নিষ্কাশনৰ বাবে ৯০টা এনজি’ক দায়িত্ব অর্পণ কৰিছিল পৌৰ নিগম কর্তৃপক্ষই৷ কিন্তু পৌৰ নিগমৰ প্রশাসনিক দুর্বলতাৰ বাবেই এনজি’সমূহে প্রতিদিনে ঘৰে ঘৰে গৈ আৱর্জনা সংগ্রহৰ পৰা বিৰত আছে৷ ইয়াৰ উপৰি গুৱাহাটী মহানগৰীখন পৰিষ্কাৰ–পৰিচ্ছন্ন কৰি ৰাখিবৰ বাবে পৌৰ নিগম কর্তৃপক্ষই ফ্লায়িং স্কোৱাড গঠন কৰিছিল৷ ফ্লায়িং স্কোৱাডে মহানগৰীৰ মূল পথ আৰু উপপথত পৰি থকা আৱর্জনা সংগ্রহ কৰাৰ কথা আছিল৷

ফ্লায়িং স্কোৱাডে প্রথম কেইদিনমান ৰাজপথৰ আৱর্জনা সংগ্রহ কৰিছিল৷ কিন্তু এতিয়া অস্তিত্বহীন ফ্লায়িং স্কোৱাড৷ পৌৰ নিগম কর্তৃপক্ষই আৱর্জনা সংগ্রহৰ বাবে গঠন কৰা ফ্লায়িং স্কোৱাড সন্দর্ভত সদুত্তৰ দিব পৰা নাই৷ এক কথাত পৌৰ নিগম কর্তৃপক্ষৰ প্রশাসনিক দুর্বলতাৰ বাবেই পূতিগন্ধময় আৱর্জনাৰে মহানগৰীৰ ৰাজপথ আৰু উপপথসমূহ ভৰি থকা পৰিলক্ষিত হৈছে৷ গুৱাহাটীৰ পথ–উপপথত পৰি থকা আৱর্জনা সংগ্রহৰ কৰি মহানগৰীখন পৰিষ্কাৰ–পৰিচ্ছন্ন কৰাৰ বাবে পৌৰ নিগম কর্তৃপক্ষই কি ব্যৱস্থা গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷

You might also like