জালুকবাৰী আৰক্ষীৰ জালত দুই ড্রাগ্ছ সৰবৰাহকাৰী
নিয়মীয়া বাৰ্তা ২৭ মেঃ আজি জালুকবাৰী থানাৰ অন্তর্গত গোশালা অঞ্চলত এক গোপন অভিযান চলাই জালুকবাৰী আৰক্ষীয়ে দুই দুর্ধর্ষ ড্রাগ্ছ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ জানিব পৰা মতে, জালুকবাৰী থানাৰ ভাৰপ্রাপ্ত বিষয়া উপেন কলিতাৰ নেতৃত্বত মাৰাত্মক ড্রাগ্ছ সৰবৰাহৰ বিৰুদ্ধে চলোৱা অভিযানত কৌশিক ছন্দ আৰু তাজাউদ্দিন নামৰ দুই ড্রাগ্ছ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰে জালুকবাৰী আৰক্ষীয়ে৷ ধৃত ড্রাগ্ছ সৰবৰাহকাৰী দুজনৰ পৰা আৰক্ষীয়ে ১৯টাকৈ ড্রাগ্ছভর্তি কণ্টেইনাৰ, চাৰিটা ম’বাইল, ছিৰিঞ্জসহ যথেষ্টসংখ্যক আপত্তিজনক সামগ্রী জব্দ কৰিবলৈ সক্ষম হয়৷
জানিব পৰা মতে, ঘটনাটো সন্দর্ভত সংশ্লিষ্ট আৰক্ষীয়ে বিভাগীয় গোচৰ এটা ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷ ইপিনে, জালুকবাৰী আৰক্ষী চকীৰ অন্তর্গত উক্ত বিভিন্ন এলেকাত ড্রাগ্ছ আৰু জুৱা খেল মুকলিভাৱে চলি আছে যদিও জালুকবাৰী আৰক্ষী চকীৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে এই সন্দর্ভত নির্বিকাৰ ভূমিকা গ্রহণ কৰি থকা বুলি স্থানীয় সচেতন নাগৰিকসকলে এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷ প্রাপ্ত অভিযোগ মতে, জালুকবাৰী আৰক্ষীৰ নির্বিকাৰ ভূমিকাৰ বাবেই আৰক্ষী চকী এলেকাত জুৱা আৰু ড্রাগ্ছ সৰবৰাহৰ ৰমৰমীয়া বেহা চলি আছে৷