জনশিমলু হাইস্কুলত শিক্ষক–শিক্ষার্থীৰ উত্তাল প্রতিবাদ
বিদ্যালয় প্রাদেশিকৰণ–বন বিভাগে উচ্ছেদ কৰা বিদ্যালয়ৰ স্থায়ী গৃহ নির্মাণৰ দাবী
নিয়মীয়া বাৰ্তা ১১ ফেব্ৰুৱাৰীঃ জনশিমলু হাইস্কুলৰ স্থায়ী ঠিকনা, বিদ্যালয় গৃহ নির্মাণ আৰু প্রাদেশিকৰণৰ দাবীত আজি বিদ্যালয় প্রাংগণত শতাধিক ছাত্র–ছাত্রী আৰু শিক্ষক–শিক্ষয়িত্রীয়ে প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰে৷ বৃহত্তৰ বতাহঘূলি অঞ্চলৰ ৰাইজৰ সহযোগত ১৯৯৪ চনত জনশিমলু হাইস্কুলখন প্রতিষ্ঠা কৰা হৈছিল যদিও আজিলৈকে বিদ্যালয়খন প্রাদেশিকৰণ নহ’ল৷ জনশিমলু হাইস্কুল প্রাদেশিকৰণ কৰক, বিদ্যালয় গৃহ নির্মাণ কৰক, বিদ্যালয়ৰ সমস্যা সমাধান কৰক আদি শ্লোগানেৰে আজি বিদ্যালয়খনৰ বাকৰিত শতাধিক শিক্ষার্থী আৰু শিক্ষক–শিক্ষয়িত্রীয়ে পৰিৱেশ উত্তাল কৰি তোলে৷ বিদ্যালয়খনৰ প্রধান শিক্ষক কনক কলিতাই কয়– অঞ্চলটোৰ ৰাইজে স্থাপন কৰা বিদ্যালয়খনৰ অষ্টম শ্রেণীক ২০০৫ চনত অসম চৰকাৰে স্বীকৃতি দিয়াৰ পিছত পর্যায়ক্রমে ২০০৭ চনত নৱম আৰু ২০০৯ চনৰ দশম শ্রেণীক স্বীকৃতি দিয়ে৷ সেই অনুসৰি বিদ্যালয়খনে চৰকাৰী সকলো সা–সুবিধা পাই আছে যদিও বিদ্যালয়খন আজিপর্যন্ত প্রদেশিকৰণ কৰা হোৱা নাই৷ বিভিন্ন সমস্যাৰ মাজত পাঠদান কৰি থকা বিদ্যালয় গৃহ যোৱা ২০১৭ চনৰ ২৮ নৱেম্বৰত বন বিভাগে উচ্ছেদ কৰি পৰৱর্তী সময়ত বিদ্যালয়ৰ স্থায়ী ঠিকনা আৰু গৃহ নির্মাণ কৰা হ’ব বুলি প্রশাসনে আশ্বাস দিছিল যদিও সেয়াও হৈ নুঠিল৷ ফলত এশ এবুৰি সমস্যাৰ মাজতে পাঠদান কার্য চলাই থকা হৈছে৷ উল্লেখ্য যে বিভিন্ন সমস্যাৰ মাজত পাঠদান চলাই থকাৰ মাজতো বিদ্যালয়খনৰ পৰা যোৱা ২০১৮ চনত ৪২গৰাকী শিক্ষার্থী মেট্রিক পৰীক্ষাত অৱতীর্ণ হৈ ১৩গৰাকী প্রথম, ১৫গৰাকী দ্বিতীয় আৰু ৮গৰাকী তৃতীয় বিভাগত উত্তীর্ণ হয়৷ ২০১৯ চনত ৫৮গৰাকীৰ মাজত ২১গৰাকী প্রথম, ১৪গৰাকী দ্বিতীয় আৰু ১২গৰাকী তৃতীয় বিভাগত উত্তীর্ণ হোৱাৰ বিপৰীতে ২০২০ চনত ৭১গৰাকী পৰীক্ষার্থীৰ ২২গৰাকী প্রথম, ২১গৰাকী দ্বিতীয় আৰু ১৩গৰাকী তৃতীয় বিভাগত উত্তীর্ণ হয়৷ সেয়েহে কাইলৈৰ পৰা অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভাৰ অধিৱেশনত বিষয়টো উত্থাপন কৰি বিদ্যালয়খন প্রাদেশিকীকৰণ কৰাৰ লগতে যাৱতীয় সমস্যা সমাধান কৰাৰ বাবে বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ প্রতিবাদকাৰীসকলে চৰকাৰক আহ্বান জনাইছে৷