নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাত মাহৰ পিছত খুলিল কামাখ্যা মন্দিৰৰ দুৱাৰ

নীলাচলত ২১১গৰাকী ভক্তই ল’লে মা কামাখ্যাৰ আশিস

নিয়মীয়া বাৰ্তা ১২ অক্টোবৰঃ  ক’ভিড–১৯ৰ নীতি–নির্দেশনা মানি সুদীর্ঘ সাত মাহৰ অন্তত আজিৰে পৰা ভক্তৰ বাবে খোলা হ’ল কামাখ্যা মন্দিৰৰ প্রৱেশদ্বাৰ৷ মা কামাখ্যা দর্শনৰ বাবে দেওবাৰে পুৱা ৮ বজাত দেৱালয় পৰিচালনা সমিতিয়ে মন্দিৰৰ প্রৱেশদ্বাৰ খুলি দিয়ে৷ ক’ভিড–১৯ৰ নির্দেশনা মানি ভক্তসকলে নার্ছাৰীত স্বাস্থ্য পৰীক্ষা কৰাৰ অন্তত মন্দিৰ দর্শন কৰে৷ কামাখ্যা মন্দিৰৰ দলৈ মোহিত শর্মাই জানিবলৈ দিয়া মতে, দেওবাৰে ২১১গৰাকী ভক্তই মন্দিৰ দর্শন কৰে৷ কামাখ্যাৰ নার্ছাৰীত স্বাস্থ্য বিভাগে স্থাপন কৰা শিবিৰত স্বাস্থ্য পৰীক্ষাৰ অন্তত এই ভক্তসকলে ক’ভিড প্রট’কল মানি মন্দিৰ দর্শন কৰে৷ অৱশ্যে কামাখ্যা মন্দিৰ পৰিচালনা সমিতিয়ে মন্দিৰৰ মূল দ্বাৰ বন্ধ ৰাখিছে৷ দুর্গাপূজাৰ পিছতহে মন্দিৰ পৰিচালনা সমিতিয়ে কামাখ্যাৰ মূল দ্বাৰ ভক্তৰ বাবে খোলাৰ ক্ষেত্রত সিদ্ধান্ত গ্রহণ কৰিব৷

You might also like