যান–বাহন আইন ভংগ পাঁচ মাহত ৫.৭৯ কোটি জৰিমনা সংগ্রহ
দুর্ঘটনা ৰোধৰ বাবে ক্রেছ ইনভেষ্টিগেচন টীম গঠন জিলা পৰিবহণৰ
নিয়মীয়া বাৰ্তা ৩ ছেপ্টেম্বৰঃ কামৰূপ মহানগৰ জিলা পৰিবহণ (প্রৱর্তক) বিষয়াৰ কার্যালয়ে বিভাগীয় মন্ত্রী–ঊর্ধ্বতন কর্তৃপক্ষৰ নির্দেশনা অনুসৰি দুর্ঘটনা ৰোধৰ লক্ষ্যৰে পথ সুৰক্ষাৰ দিশটো কোনো যান–বাহনে যাতে উলংঘা নকৰে, তাৰ বাবে ৰাজপথত আইন ভংগকাৰী বাহন–চালকৰ বিৰুদ্ধে অভিযান চলাই আহিছে৷ আনকি ক’ভিডকেন্দ্রিক পৰিস্থিতিৰ ভয়াৱহতাৰ মাজতো জিলা পৰিবহণ বিষয়া কার্যালয়ৰ প্রৱর্তক বিভাগটোৱে চলিত ২০২১–২২ বিত্তীয় বর্ষৰ এপ্রিল মাহৰ পৰা আগষ্ট মাহ অর্থাৎ পহিলা এপ্রিলৰ পৰা ৩১ আগষ্টলৈকে পাঁচটা মাহত যান–বাহন আইন ভংগকাৰী বাহনৰ পৰা ৫,৭৯,১০,০৮০ টকাৰ জৰিমনা সংগ্রহ কৰিবলৈ সক্ষম হৈছে৷ ২০২০–২১ বিত্তীয় বর্ষৰ একে সময়ছোৱাত সংগৃহীত জৰিমনাৰ পৰিমাণ আছিল ৯৮,৫০,৭৫৪,০০ টকা৷
অর্থাৎ বিগত বর্ষৰ পাঁচ মাহতকৈ এইবেলি ৪.৮০ কোটি টকাতকৈ অধিক পৰিমাণৰ জৰিমনা সংগ্রহ কৰা হৈছে আৰু এই বৃদ্ধিৰ হাৰ হ’ল ৪৭৭ শতাংশতকৈ অধিক৷ এই সন্দর্ভত পাঁচ মাহত আইন ভংগ কৰা বাহনৰ বিৰুদ্ধে ১২ হাজাৰতকৈ অধিক গোচৰ ৰজু কৰা হৈছে৷ আনহাতে চলিত ২০২১–২২ বিত্তীয় বর্ষৰ বাবে বিভাগৰ ঊর্ধ্বতন কর্তৃপক্ষই জৰিমনাৰ যি লক্ষ্য নির্ধাৰণ কৰিছিল, তাৰ ৩২.১৭ শতাংশ অতিক্রম কৰিবলৈ সক্ষম হৈছে পাঁচটা মাহত৷ গুৱাহাটীৰ ৰাজহুৱা পৰিবহণ সেৱাত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰি অহা চিটীবাছ , মেজিককে ধৰি যাত্রীবাহী বাহন চলোৱা চালকসকলৰ মাজত পথ সুৰক্ষা সজাগতা, যাত্রীৰ প্রতি ব্যৱহাৰ আদি বিষয় সামৰি ১০ আগষ্টৰ পৰা সপ্তাহত দুদিনকৈ বছৰজোৰা কার্যসূচীৰে প্রশিক্ষণ প্রদান কৰি অহা হৈছে৷ ৩১ আগষ্টলৈকে প্রায় ৬০০জন চালকক প্রশিক্ষণ দিয়া হৈছে৷