মণিৰাম দেৱান ট্রেড চেণ্টাৰত ৫ ফেব্রুৱাৰীৰ পৰা লি’ এক্সপ’
নিয়মীয়া বাৰ্তা ২৯ জানুৱাৰীঃ গুৱাহাটীবাসীৰ হেঁপাহৰ আন্তঃৰাষ্ট্রীয় লি’ এক্সপ’ অহা ৫ ফেব্রুৱাৰীৰ পৰা ২২ ফেব্রুৱাৰীলৈ গুৱাহাটীৰ মণিৰাম দেৱান ট্রেড চেণ্টাৰত অনুষ্ঠিত হয়৷ ১৯ বছৰ সফলতাৰে এই এক্সপ’ অনুষ্ঠিত হৈ এইবাৰ ২০তম সংস্কৰণ অনুষ্ঠিত হ’ব৷ দেশী–বিদেশী বাৰেৰহণীয়া সামগ্রীৰে ভৰিব এই এক্সপ’৷ পুৱা ১১ বজাৰ পৰা নিশা ৯ বজালৈ মুকলি থাকিবলগীয়া এই এক্সপ’ত ফার্নিচাৰ, সাজ–পোছাক, জোতা–চেণ্ডেল, ৰান্ধনীঘৰৰ সামগ্রী, হস্ততাঁত আৰু হস্ত শিল্প জাতৰ সামগ্রী, খাদ্য সামগ্রী, গৃহ–সজ্জাৰ সামগ্রী, ৱাটাৰ–পিউৰিফায়াৰ, ইলেক্ট্রনিক সামগ্রী, স্বাস্থ্য ৰক্ষাৰ সজুলি, আয়ুর্বেদিক ঔষধ আদি সকলো সামগ্রী উপলব্ধ হ’ব৷ ইয়াৰ, বাংলাদেশ, আফগানিস্তান, থাইলেণ্ড আদি দেশৰ প্রতিনিধিয়ে এক্সপ’লৈ আনিব তেওঁলোকৰ দেশৰ বিখ্যাত সামগ্রীসমূহ৷ স্কুলীয়া ছাত্র–ছাত্রীৰ বাবে তিনিটা শাখাত অনুষ্ঠিত হ’ব চিত্রাংকণ প্রতিযোগিতা৷ ‘ক’ শাখা– প্রথমৰ পৰা তৃতীয় শ্রেণী ‘খ’ শাখা– চতুর্থৰ পৰা ষষ্ঠ শ্রেণী আৰু ‘গ’ শাখা– সপ্তমৰ পৰা দশম শ্রেণীলৈ৷ তিনিওটা শাখাতে একেধৰণৰ পুৰস্কাৰ আগবঢ়োৱা হ’ব৷ প্রথম পুৰস্কাৰ ১৫,০০০ টকা, দ্বিতীয় পুৰস্কাৰ ৭,৫০০ টকা আৰু তৃতীয় পুৰস্কাৰ ৫,০০০ টকা৷ লগতে তিনিওটা শাখাতে ৭ জনলৈ নিচুকণি বঁটা আগবঢ়োৱা হ’ব৷ অসমীয়া কলা সংস্কৃতি আৰু সাংবাদিকতা ক্ষেত্রত বিশেষ অৱদান আগবঢ়োৱা দুগৰাকী নমস্য ব্যক্তিলৈ আগবঢ়োৱা হ’ব লি’ এক্সপ’ শিল্পী সন্মান আৰু লি’ এক্সপ’ সাংবাদিক সন্মান৷ লি’ এক্সপ’ৰ মঞ্চতেই এই সন্মান আগবঢ়োৱা হ’ব৷