নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত সোমবাৰৰ পৰা শুকুৰবাৰলৈ খোলা থাকিব সুৰাৰ বিপনী

নিয়মীয়া বাৰ্তা, ১৮ জুলাইঃ তিনিসপ্তাহ জোৰা লক ডাউনৰ পাছত সোমবাৰৰ পৰা পুনৰ খোল খাব মহানগৰী। গুৱাহাটীত UNLOCK প্ৰক্ৰিয়া আৰম্ভ হ’ব ১৯ জুলাইৰ পৰা ২ আগষ্টলৈ। এই আনলকত খোলা থাকিব সকলো দোকান। পথৰ দুয়োফালৰ যিকোনো এটা ফালৰ দোকানহে খুলিব পাৰিব। কিন্তু সকলো লোকে মাস্ক পিন্ধাটো বাধ্যতামূলক। সংবাদমেল যোগে ঘোষণা কৰিলে ৰাজ্যৰ মুখ্য সচিবে।

আনহাতে সোমবাৰৰ পৰা খোল খাব সুৰাৰ বিপনী। শুকুৰবাৰলৈ খোলা থাকিব বিপনীসমূহ। শনিবাৰ আৰু দেওবাৰে সম্পূৰ্ণ লক ডাউন থাকিব মহানগৰীত। পাণ-মছলা আৰু গুটখা বিক্ৰীত নিষেধাজ্ঞা

You might also like