নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লকডাউনৰ সুপ্রভাৱঃ গুৱাহাটীত হ্রাস পাইছে দুর্ঘটনাৰ সংখ্যা

নিয়মীয়া বাৰ্তা, ২২ আগষ্টঃ বিশ্বজুৰি আতংকৰ সৃষ্টি কৰা মাৰাত্মক ক’ভিড–১৯ ৰোগৰ সংক্রমণ ৰোধৰ বাবে যোৱা ২৪ মার্চৰ পৰা ৰাজ্যজুৰি জাৰি কৰা লকডাউনৰ বহু ইতিবাচক দিশ সম্প্রতি পোহৰলৈ আহিছে৷ বিশেষকৈ লকডাউনৰ বাবেই অসমৰ ৰাজপথত দুর্ঘটনাৰ সংখ্যা দ্রুতগতিত কমি যোৱা পৰিলক্ষিত হৈছে৷

এই সন্দর্ভত ৰাজ্যৰ জৰুৰী স্বাস্থ্যসেৱাৰ সৈতে জড়িত ‘জিভিকেইএমআৰআই ১০৮ জৰুৰী সেৱা’ৰ সূত্রই সদৰী কৰা অনুসৰি যোৱা ১ এপ্রিলৰ পৰা ৩১ জুলাই পর্যন্ত চাৰিটা মাহত পথ দুর্ঘটনাৰ সংখ্যা বিগত বর্ষতকৈ বহু হ্রাস পাইছে৷ পৰিসংখ্যা অনুসৰি যোৱা এপ্রিল মাহত সমগ্র ৰাজ্যখনত পথ দুর্ঘটনা সংঘটিত হৈছিল ১,০১১টা৷ ২০১৯ বর্ষৰ এপ্রিল মাহত সংঘটিত পথ দুর্ঘটনাৰ সংখ্যা আছিল ২,৪৮২টা৷

যোৱা মে’ মাহত সংঘটিত পথ দুর্ঘটনাৰ সংখ্যা আছিল ১,২৭০টা আৰু বিগত বর্ষৰ মে’ মাহত সংঘটিত হৈছিল ২,৭৫০টা৷ চলিত বর্ষৰ জুন মাহত ১,২৬৬টা পথ দুর্ঘটনা সংঘটিত হোৱাৰ বিপৰীতে বিগত বর্ষৰ জুন মাহত ২,৩৭৭টা দুর্ঘটনা সংঘটিত হৈছিল৷ তেনেদৰে চলিত বর্ষৰ জুলাই মাহত ৯০২টা দুর্ঘটনাৰ বিপৰীতে বিগত বর্ষৰ জুলাই মাহত ১,৫৫২টা দুর্ঘটনা সংঘটিত হৈছিল৷

ইয়াৰ ভিতৰত যোৱা এপ্রিল মাহত কামৰূপ জিলাত সর্বাধিক ১০৬টা দুর্ঘটনা, নগাঁও জিলাত ৭৪টা আৰু বৰপেটা জিলাত ৬১টা দুর্ঘটনা সংঘটিত হয়৷ মে’ মাহত নগাঁও জিলাত সর্বাধিক ১২২টা, কামৰূপ জিলাত ১০৩টা আৰু বৰপেটা জিলাত ৮০টা পথ দুর্ঘটনা সংঘটিত হয়৷ জুন মাহত কামৰূপ জিলাত সর্বাধিক ১১৮টা, নগাঁও জিলাত ৯১টা আৰু শোণিতপুৰ জিলাত ৮৫টা দুর্ঘটনা সংঘটিত হয়৷

জুলাই মাহত শোণিতপুৰ জিলাত সর্বাধিক ৮৬টা দুর্ঘটনা সংঘটিত হয়৷ জিভিকেইএমআৰআইৰ পৰিসংখ্যা অনুসৰি বিগত বর্ষৰ তুলনাত যোৱা এপ্রিল মাহত ১৪৫.৫০ শতাংশ, মে’ মাহত ১১৬.৫৪ শতাংশ, জুন মাহত ৬৪.০৬ শতাংশ আৰু জুলাই মাহত ৭৭.০৩ শতাংশ দুর্ঘটনা হ্রাস পাইছে৷ একেদৰে ৰাজধানী চহৰ গুৱাহাটীতো যোৱা এপ্রিল মাহত ১২৩.৬৪ শতাংশ, মে’ মাহত ১২৯.৩১ শতাংশ, জুন মাহত ১০০ শতাংশ আৰু জুলাই মাহত ২৬০.১১ শতাংশ দুর্ঘটনাৰ সংখ্যা হ্রাস পাইছে৷

ইফালে অসম আৰক্ষীৰ সূত্রই সদৰী কৰা অনুসৰি ২০১৯ বর্ষত ৰাজ্যত ৮,২৪৮টা দুর্ঘটনা সংঘটিত হৈছিল৷ য’ত ২,৯৬৬জন লোক নিহত হোৱাৰ বিপৰীতে ৭,৩৭৫জন লোক আহত হৈছিল৷ লক ডাউন আৰম্ভ হোৱাৰ আগতে গড় হিচাপত ৰাজ্যত দৈনিক দুর্ঘটনাত ৮জনৰ মৃত্যু হোৱাৰ লগতে ২০জন আহত হৈছিল৷

You might also like