নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৬ আগষ্টৰ পৰা পৌৰ নিকায় কর্মচাৰী সন্থাৰ আন্দোলনৰ কার্যসূচী

নিয়মীয়া বাৰ্তা, ২২ আগষ্টঃ চৰকাৰী বঞ্চনাৰ বিৰুদ্ধে সদৌ অসম পৌৰ নিকায় কর্মচাৰী সন্থাই অহা ২৬ আগষ্টৰ পৰা এলানি ধাৰাবাহিক আন্দোলনৰ কার্যসূচী ঘোষণা কৰিছে৷ কালি গুৱাহাটীৰ সিদ্ধিনাথ শর্মা ভৱনত সদৌ অসম পৌৰ নিকায় কর্মচাৰী সন্থাৰ সভাপতি সুনীল কুমাৰ শর্মাৰ সভাপতিত্বত অনুষ্ঠিত সন্থাৰ বর্ধিত কার্যনির্বাহক সভাত আন্দোলনৰ কার্যসূচী গ্রহণৰ সিদ্ধান্ত লয়৷

সন্থাৰ সাধাৰণ সম্পাদক গিয়াছ আলীয়ে জানিবলৈ দিয়া মতে ৰাজ্য চৰকাৰৰ দৃষ্টিগোচৰ কৰা তথা জনমত গঠনৰ উদ্দেশ্যে অহা ২৬ আগষ্টত পৌৰসভা আৰু নগৰ সমিতিসমূহৰ কার্যালয়ৰ সন্মুখত বেনাৰ আৰু পোষ্টাৰিং কৰা হ’ব৷ ২৮ আগষ্টত প্রতিখন পৌৰসভা আৰু নগৰ সমিতিয়ে জ্যেষ্ঠ নাগৰিক, অৰাজনৈতিক দল–সংগঠন, কর্মচাৰী পৰিষদ আদিৰ উপস্থিতিত পৌৰসভাৰ সমস্যা অৱগত কৰোৱাই নাগৰিক সভা অনুষ্ঠিত কৰিব আৰু নাগৰিক সভাৰ প্রস্তাৱৰ প্রতিলিপি প্রেৰণ কৰিব৷

৩১ আগষ্টত প্রতিখন জিলাৰ উপায়ুক্ত কার্যালয়ৰ সন্মুখত দিনৰ এঘাৰ বজাৰ পৰা বাৰ বজালৈ এঘণ্টীয়া ধর্ণা কার্যসূচী ৰূপায়ণ কৰিব পৌৰ কর্মচাৰীসকলে৷ ধর্ণাৰ অন্তত পৌৰ কর্মচাৰীসকলৰ সমস্যা সমাধানৰ দাবীত উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্রী আৰু বিত্তমন্ত্রীলৈ স্মাৰকপত্র প্রদান কৰিব প্রতিবাদকাৰীসকলে৷ ইপিনে এক ছেপ্ঢেম্বৰৰ পৰা তিনি ছেপ্টেম্বৰলৈ প্রতিখন পৌৰসভা আৰু নগৰ সমিতিয়ে তিনিদিনীয়া অৱস্থান ধর্মঘট কার্যসূচী ৰূপায়ণ কৰিব৷

অৱশ্যে ক’ৰোনা মহামাৰীৰ প্রতি লক্ষ্য ৰাখি কোৱাৰেণ্টাইন চেণ্টাৰ তথা চহৰৰ জাবৰ–জেজাথৰ নিষ্কাশনৰ বাবে পঞ্চাশ শতাংশ চাফাই কর্মচাৰীয়ে সেৱা আগবঢ়াব৷ ইয়াৰ পিছতো যদি চৰকাৰে কোনো পদক্ষেপ গ্রহণ নকৰে তেনেহ’লে পৰৱর্তী সময়ত তীব্র গণতান্ত্রিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে সন্থাই৷ ইফালে, একাংশ পৌৰসভা আৰু নগৰ সমিতি কার্যালয়ত হোৱা অবৈধ নিযুক্তি সন্দর্ভত বিহিত ব্যৱস্থা গ্রহণ কৰি অবৈধ নিযুক্তিবোৰ বাতিলৰ দাবী জনায় সন্থাই৷

You might also like