চানমাৰিৰ হিন্দু বোৱাৰীক পলুৱাই নিয়া মুছলমান যুৱকক গ্রেপ্তাৰ
নিয়মীয়া বাৰ্তা ২৮ জানুৱাৰীঃ মহানগৰীৰ চানমাৰিৰ নিজৰাপাৰৰ পৰা এগৰাকী হিন্দু বোৱাৰীক প্রেমৰ জালত পেলাই পলুৱাই নিয়া আমিন খান নামৰ যুৱকজনক আৰক্ষীয়ে হিন্দু জাগৰণ মঞ্চৰ সহযোগত গ্রেপ্তাৰ কৰে৷ উল্লেখ্য যে চানমাৰিত ভাৰাতীয়া হিচাপে বসবাস কৰা ডিব্রুগড়ৰ যুৱকজনে নিজকে অমূল্য ডেকা বুলি পৰিচয় দি মহিলাগৰাকীৰ সৈতে সম্পর্ক গঢ়ি তুলিছিল৷ যোৱা ১৮ জানুৱাৰীত মহিলাগৰাকীক যুৱকজনে পলুৱাই নি ডিব্রুগড়ত ৰাখিছিল৷ হিন্দু জাগৰণ মঞ্চৰ সহযোগত যোৱা ২৫ জানুৱাৰীত চানমাৰি আৰক্ষীয়ে মহিলাগৰাকীক ডিব্রুগড়ৰ পৰা উদ্ধাৰ কৰাৰ লগতে যুৱকজনক গ্রেপ্তাৰ কৰে৷ যুৱকজনে মহিলাগৰাকীৰ সোণৰ অলংকাৰ আৰু নগদ পাঁচ লাখ টকা লৈ যোৱা বুলি অভিযোগ উঠিছে যদিও তদন্তৰ পাছতহে প্রকৃত সত্য পোহৰলৈ আহিব বুলি আৰক্ষী সূত্রই জানিবলৈ দিছে৷